আজিৰে পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া অসম আৰু মেঘালয় ভ্ৰমণ। বৃহস্পতিবাৰে শ্বিলঙত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত চাইবাৰ ছিকিউৰিটি অপাৰেচন চেণ্টাৰ উদ্বোধন কৰে।
অমিত শ্বাহে শ্বিলঙৰ ৰাজ্যিক অধিৱেশন কেন্দ্ৰত উত্তৰ-পূব পৰিষদৰ ৭১ সংখ্যক পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণ কৰিব আৰু ১৯ জানুৱাৰীত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এনেএছএচি)ৰ পৰ্যালোচনা কৰিব। গৃহমন্ত্ৰীৰ মেঘালয় ভ্ৰমণৰ সময়ত ন’ ফ্লাই জ’ন ঘোষণা কৰা হৈছে ৷ শ্বিলঙৰ ষ্টেট কনভেনচন চেণ্টাৰ আৰু আছাম ৰাইফলছ লাইট কৰ্পছত ফটোগ্ৰাফীৰ বাবে ড্ৰোন ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
মেঘালয় ভ্ৰমণ সামৰি ২০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এছ এছ বিৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু অসম ৰাইফলছ কমাণ্ডোৰ দীক্ষান্ত সমাৰোহত তেওঁ অংশগ্ৰহণ কৰিব ৷
অহা ২০ জানুৱাৰীত তেজপুৰৰ এছ এছ বি কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া এছ এছ বিৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সেইদিনা শোণিতপুৰৰ ঢেকীয়াজুলিত অখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিব। তদুপৰি ২০ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম আৰক্ষীৰ ২৫৫১ জন কমাণ্ডোৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক গ্ৰন্থ উন্মোচন কৰিব। ইয়াৰ উপৰিও ২০ জানুৱাৰীত গুৱাহাটীত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।