কেন্দ্ৰীয় চৰকাৰে এন্টিবায়টিক ঔষধৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰেছক্ৰিপচনত যিকোনো এন্টিবায়টিক ঔষধৰ নাম লিখাৰ সময়ত চিকিৎসকে ইয়াৰ কাৰণ উল্লেখ কৰিব লাগিব বুলি কেন্দ্ৰীয় স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
কেন্দ্ৰীয় স্বাস্থ্য সঞ্চালক অতুল গোৱেলে চিকিৎসা মহাবিদ্যালয়সমূহলৈ পত্ৰ প্ৰেৰণ কৰি এন্টিবায়টিকৰ প্ৰেছক্ৰিপচন কৰাৰ সময়ত ইয়াৰ সঠিক ইংগিত, কাৰণ আৰু যুক্তিৰ কথা বাধ্যতামূলকভাৱে উল্লেখ কৰিবলৈ অনুৰোধ জনাইছে। কেৱল চিকিৎসক বা অধ্যাপককে নহয়, ঔষধ বিক্ৰেতাসকলকো কোনো বৈধ প্ৰেছক্ৰিপচন অবিহনে কোনো এন্টিবায়টিক ঔষধ গ্ৰাহকক নিদিবলৈ সকীয়াই দিয়া হৈছে। কাৰণ আৰু চিকিৎসকে দিয়া মাত্ৰা দেখাৰ পিছতহে এন্টিবায়টিক ঔষধ দিব লাগিব ফার্মাচীয়ে ৷
ঔষধ সেৱনৰ ফলত ‘এন্টিবায়টিক ৰেজিষ্টেন্স’ বা ‘এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স’ (AMR) হ’ব পাৰে। যাৰ ফলত অনাগত দিনত ভয়াৱহ বিপদৰ আশংকা বৃদ্ধি পায়। সেই বিপদৰ ক্ষেত্ৰত ভাৰত আন বহু দেশতকৈ আগবাঢ়ি আছে। চিকিৎসকসকলৰ মতে এতিয়া সাৱধান নহওঁ, তেন্তে কেইবছৰমানৰ পাছত এনে এটা সময় আহিব, যেতিয়া বহু এন্টিবায়টিকে শৰীৰত কাম নকৰিব। অৰ্থাৎ, কেইবাটাও ৰোগৰ চিকিৎসা আৰু সম্ভৱ নহ’ব।
কেন্দ্ৰীয় চৰকাৰৰ পত্ৰ অনুসৰি ২০১৯ চনত বিশ্বজুৰি প্ৰায় ১০ লাখ ২৭ হাজাৰ ৰোগীৰ মৃত্যু হৈছিল বেক্টেৰিয়াজনিত এএমআৰৰ বাবে।