ফুচকা বা পানী পুৰী যথেষ্ট জনপ্ৰিয় খাদ্য ৷ পিছে এইবাৰ ফুচকাক লৈ হোৱা কাজিয়াৰ বাবেই প্ৰাণ হেৰুৱালে এজন লোকে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত ৷ প্ৰাপ্ত তথ্য অনুসৰি বিনামূলীয়াকৈ শুকান ফুচকা নিদিয়াৰ বাবে প্ৰাণ হেৰুৱালে ফুচকা বিক্ৰেতাই । মৃত লোকজনৰ নাম প্ৰেম চন্দ্ৰ বুলি জানিব পৰা গৈছে ।
ঘটনাৰ বিবৰণী অনুসৰি চাকেৰী অঞ্চলৰ এজন ফুচকা বিক্ৰেতাৰ ওচৰত এদল যুৱকে ফুচকা খাবলৈ আহিছিল ৷ শেষত বিনামূলীয়াকৈ শুকান ফুচকা বিচাৰিছিল যুৱকৰ দলটোৱে ৷ ফুচকাৱালাক বিনা পইচাই শুকান ফুচকা দিবলৈ অস্বীকাৰ কৰাৰ বাবেই যুৱকৰ দলটোৱে মাৰপিট কৰিবলৈ আৰম্ভ কৰে ৷ অৱশ্যে স্থানীয় একাংশ লোকে যুৱকৰ দলটোক বাধা প্ৰদান কৰে ৷ যুৱক কেইজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰেম চন্দ্ৰক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷
৪০ বছৰীয়া প্ৰেমে পত্নী আৰু সন্তানৰ সৈতে বাস কৰিছিল। প্ৰেমৰ পত্নীয়ে থানাত এজাহাৰ দাখিল কৰে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত তদন্ত আগবঢ়াই নিব আৰক্ষীয়ে ৷