বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰস্তুতিৰ বাবে দেশজুৰি কাঠফুলাৰ দৰে গঢ়ি উঠিছে কোচিং চেন্টাৰ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোচিং চেণ্টাৰসমূহক কেতবোৰ নির্দেশনা প্ৰদান কৰিছে ৷ সেই অনুসৰি কোচিং চেণ্টাৰসমূহে বিভিন্ন ৰাজ্যত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ১৬ বছৰৰ তলৰ শিক্ষার্থীক নামভৰ্তি কৰিব নোৱাৰিব । ছাত্ৰ-ছাত্ৰীক ভাল ৰেংক বা ভাল নম্বৰ পোৱাৰ দৰে বিভ্ৰান্তিকৰ প্ৰতিশ্ৰুতি দিব নোৱাৰিব কোচিং চেণ্টাৰসমূহে ৷ বিভ্ৰান্তিকৰ বিজ্ঞাপন তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিব ৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে নতুন নিৰ্দেশনা জাৰি কৰি এই কথা প্ৰকাশ কৰে।
নতুন গাইডলাইন অনুসৰি কোচিং চেণ্টাৰে ছাত্ৰ-ছাত্ৰীৰ পৰা অতিৰিক্ত ধন ল’লে বা আন কোনো অসৎ আচৰণত লিপ্ত হ’লে ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। প্ৰয়োজন হ’লে কোচিং চেণ্টাৰৰ পঞ্জীয়ন বাতিল কৰিব পাৰিব। কোনো অপৰাধত দোষী সাব্যস্ত হোৱা কোনো শিক্ষকক কোচিং চেণ্টাৰে নিযুক্তি দিব নোৱাৰিব বুলিও গাইডলাইনত উল্লেখ আছে। কাউন্সেলিঙৰ কোনো ব্যৱস্থা নাথাকিলে কোচিং চেণ্টাৰসমূহত পঞ্জীয়ন কৰা নহ’ব বুলিও স্পষ্ট কৰা হৈছে ৷ অধ্যয়নৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব চেণ্টাৰসমূহে ।
শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ বিভিন্ন ৰাজ্যত গঢ়ি উঠা কোচিং চেণ্টাৰসমূহ নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ বিষয়টোক আইনী কাঠামোৰ অধীনলৈ অনাৰ বাবে এই গাইডলাইন জাৰি কৰা হৈছে।
শিক্ষা মন্ত্ৰালয়ৰ গাইডলাইনত কোৱা হৈছে যে কোচিং চেণ্টাৰত নিযুক্তি দিয়া শিক্ষকসকল অন্ততঃ স্নাতক হ’ব লাগিব। কোচিং চেণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে অভিভাৱকক বিভ্ৰান্তিকৰ প্ৰতিশ্ৰুতি দিব নোৱাৰিব। লগতে কোনো কোচিং চেণ্টাৰে ১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিব নোৱাৰিব। দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত কোচিং চেণ্টাৰত শিক্ষার্থীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব ৷