কর্মবিমুখ জাতিয়ে কেতিয়াও উন্নতিৰ জখলাত আগবাঢ়ি যাব নোৱাৰে ৷ অসমত প্ৰতি মাহে উৎসৱৰ নামতে অধিকাংশ লোক ব্যস্ত হৈ থাকে ৷ ভেলেণ্টাইন ডে’ৰ পৰা ধনতেৰচলৈকে কোনো উৎসৱেই যেন পালন কৰিবলৈ নেৰে অসমীয়াই ৷ যাৰ বাবে চৰকাৰী বন্ধৰ তালিকাও দীঘলীয়া ৷ চলিত জানুৱাৰী মাহৰ আজি ১৯ তাৰিখ ৷ মাহটো শেষ হ’বলৈ এতিয়াও বাকী আছে ১১ দিন ৷ কিন্তু এই ১১ দিনৰ ভিতৰত মাত্ৰ ৫দিনহে খোলা থাকিব চৰকাৰী কার্যালয় ৷
কাইলৈ ২০ জানুৱৰীত খোলা থাকিব কার্যালয় ৷ ইয়াৰ পাছতে ২১ জানুৱাৰী দেওবাৰ, ২২জানুৱাৰী ৰামমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাজ্য চৰকাৰে দিনৰ আঢ়ৈ বজালৈ অৰ্ধছুটী ঘোষণা কৰিছে। ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে চৰকাৰী বন্ধ। ২৪ আৰু ২৫ জানুৱাৰীত খোলা থাকিব চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান ৷
২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস। ২৭ জানুৱাৰী মাহটোৰ চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। ২৮ জানুৱাৰী দেওবাৰ। ২৯ আৰু ৩০ জানুৱাৰীত খোলা থাকিব চৰকাৰী কাৰ্যালয়। আকৌ ৩১ জানুৱাৰীত মে-ডাম-মেফি উপলক্ষে চৰকাৰী বন্ধ ৷ ইয়াৰ পূর্বে মাঘ বিহুৰ সময়ত চাৰিদিন বন্ধ আছিল চৰকাৰী কার্যালয় ৷ অর্থাৎ চলিত মাহত চৰকাৰী বন্ধৰ দিন ১২ টা ৷