২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ ৷এই উপলক্ষে সজাই পৰাই তোলা হৈছে অযোধ্যা ৷ এই অনুষ্ঠানলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দেশবাসীয়ে ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগতে অনুষ্ঠিত হ’ব বিভিন্ন ভক্তিমূলক অনুষ্ঠান ৷ ইয়াৰ অংশ হিচাপে প্ৰদর্শিত হ’ব অসমৰ ভাওনা ৷
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত প্ৰদৰ্শিত হ’ব এই ভাওনা৷ অসমৰ শিল্পীয়ে প্ৰদৰ্শন কৰিব ‘ৰাম-বিজয়’ নাট৷ ২২-২৫ জানুৱাৰীলৈ চাৰিদিনীয়াকৈ প্ৰদৰ্শন কৰা হ’ব ভাওনা৷ কৃষ্ণা পঙ্কজা দত্তৰ নেতৃত্বত অযোধ্যালৈ ৰাওনা হৈছে শিল্পীসকল৷
ফেচবুকত এই কথা সদৰী কৰি কৃষ্ণা পঙ্কজা দত্তই লিখিছে -“ ৰাম বিজয় অংকীয়া নাট প্ৰদৰ্শনৰ উদ্দেশ্যে আমাৰ মহাবিদ্যালয়ৰ হৈ অযোধ্যালৈ বুলি যাত্ৰা আৰম্ভ কৰিছো ৷ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা ২২, ২৩,২৪ আৰু ২৫ জানুৱাৰীত আমি নাট প্ৰদৰ্শন কৰিম ৷ এনে এটি পৱিত্ৰ ক্ষণৰ সাক্ষী হোৱাৰ উদ্দেশ্যে যাবলৈ পাই সঁচাই ধন্য মানিছোঁ ৷”