অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ছোৱাত অসমত কা আইন বলবৎ ৰ বিৰোধিতা, অসমীয়া যুৱকক এনকাউণ্টাৰ কৰা বন্ধ কৰা আৰু বানমুক্ত গুৱাহাটীৰ নামত শিলসাঁকোৰ থলুৱা ৰাইজক বলিৰ পঠা সজায় সেই মূল্যৱান ভূমি অমিত শ্বাহ, অশোক সিংঘালৰ পুত্ৰক অট্টালিকা সাজিবলৈ অনুমতি প্ৰদানৰ বিৰুদ্ধে অমিত শ্বাহৰ সভাত প্ৰতিবাদৰ আশংকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন প্ৰান্তৰৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক পুৱতি নিশাই আটক কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত নিশা মুকলি কৰি দিয়ে আৰক্ষীয়ে । মুকলি আকাশৰ তললৈ আহি বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমৰ সমুখত ‘ এইয়া বিজেপিৰ ভীৰুতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাপুৰুষালি’ বুলি কোৱাৰ লগতে আৰক্ষীয়ে তেখেতক তীব্ৰ মানসিক হেঁচা প্ৰয়োগ কৰি ভৱিষ্যতে কেনেকৈ আন্দোলন কৰিব লাগিব তাৰ নিয়মাৱলী, কোনো ধৰণৰ জংগী প্ৰতিবাদ ৰ পৰা আঁতৰি থাকিবলৈ, কোনো ধৰণৰ ৰাজহুৱা সভাত ভাষণ দিয়াৰ পৰা বিৰত থাকিবলৈ আজি বিভিন্ন চৰ্ত সম্বলিত ‘ চুক্তি’ ত দণ্ডাধীশৰ উপস্থিতিত চহী কৰাই কৌশল গত ভাৱে চৰকাৰে আন্দোলন কৰিব নোৱাৰা এক ব্যৱস্থাৰ মাজলৈ ঠেলি দিবলৈ যত্ন কৰা বুলি সদৰি কৰিছে । লগতে তেখেতে এই চুক্তি নকৰাৰ দৃঢ় স্থিতি আৰক্ষীক অৱগত কৰি আৰক্ষীৰ জিম্মাতে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ পাছত অৱশেষত সেই চুক্তি একাষৰীয়া কৰি বিদ্যুৎ শইকীয়াৰ লগতে সতীৰ্থসকলক মুকলি কৰি দিবলৈ বাধ্য হৈছিল বুলি মন্তব্য কৰিছিল । আনকি প্ৰয়োজনত চিৰদিনৰ কাৰণে কাৰাৱাস খাটিব, বুকুত গুলী পাতি লব কিন্ত্ত গণতান্ত্রিক দেশ এখনত নিজৰ বাক স্বাধীনতা আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰি হিটলাৰী শাসন চলাব বিচৰা সকলক উৎসাহ নোযোগাই বুলি কঠোৰ সমালোচনা কৰে ।
লক্ষ্যণীয়ভাৱে আজি পুনৰ গোলাঘাট আৰক্ষীৰ বৃহৎ দলে বিদ্যুৎ শইকীয়াৰ গোলাঘাট ফৰকাটিংৰ গুৱালগাওঁস্থিত বাসগৃহত উপস্থিত হয় । যোৱাকালি পুৱতি নিশা গুপ্ত হত্যাৰ কায়দাৰে ঘৰৰ পৰা উঠাই অনাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিবাদৰ ফলত নিশা মুকলি কৰি দিবলৈ বাধ্য হোৱা নেতাজনৰ বাসগৃহত আজি পুনৰ আৰক্ষীৰ দল প্ৰত্যক্ষ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । আৰক্ষীৰ দলটোৱে মূহূৰ্ততে উপস্থিত হোৱা ৰাইজৰ সমুখত আৰক্ষীয়ে যোৱাকালি চৰ্ত সাপেক্ষ আৰক্ষীৰ চুক্তিত চহী নকৰাৰ বাবে অহা কালিলৈ অৰ্থাৎ ২২ জানুৱাৰীত জিলা দণ্ডাধীশৰ সমুখত উপস্থিত হৈ কিয় চুক্তিত চহী নকৰিলে তাৰ কাৰণ দৰ্শাৱৰ বাবে প্ৰশাসনে প্ৰেৰণ কৰা জাননী দিবলৈ অহা বুলি অৱগত কৰে । এই সম্পৰ্কে ঘৰতে উপস্থিত থকা বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, “যোৱাকালিয়ে প্ৰশাসন, আৰক্ষী, জিলা দণ্ডাধীশক স্পষ্টকৈ অৱগত কৰিছো যে কোনো পৰিস্থিতিত কোনো কাৰণত চৰকাৰ প্ৰশাসনে প্ৰস্ত্তত কৰি দিয়া ভৱিষ্যতে আন্দোলন নকৰাৰ চৰ্ত সাপেক্ষ চুক্তি নামাত চহী মই নকৰো” ।
এইয়া মোৰ ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰ । সেই অধিকাৰক কোনোবা ফেচিষ্ট অথবা হিটলাৰী শাসকে খৰ্ব কৰি কণ্ঠ ৰূদ্ধ কৰিবলৈ যত্ন কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ।এইয়া কেনে নিকৃষ্ট ষড়যন্ত্র ৰাইজে এবাৰ অনুমান কৰক । তেখেতে তীব্ৰ উস্মা প্ৰকাশ কৰি পুনৰ কয় যে আমি আইন বিৰোধী নহয়, আমি অগণতান্ত্রিক নহয়,আমি নৈৰাজ্যবাদীও নহয় । এগৰাকী নাগৰিক হিচাপে প্ৰতিবাদ কৰিবলৈ যাওঁতে বেআইনী কাম কাজৰ নামত সদায় বিভিন্ন গোচৰ ৰ মুখামুখি হৈ আহিছো । ভৱিষ্যতেও এনে ব্যৱস্থাৰ পৰা মুক্ত নহয় । তৎসত্বেও ভৱিষ্যতে কেনে আন্দোলন কৰিম, আন্দোলনৰ মাত্ৰা কিমান তীব্ৰ হব, গণতান্ত্রিক ব্যৱস্থাত আন্দোলনৰ ৰূপ কেনেকুৱা হব সেইয়া নিৰ্ভৰ কৰিব চৰকাৰৰ জনসাধাৰণৰ ওপৰত প্ৰয়োগ কৰা নীতিৰ ওপৰত । তাৰ বাবে আগতীয়াকৈ চৰকাৰৰ সৈতে এগৰাকী আন্দোলনকাৰীয়ে ভৱিষ্যতে ৰূপায়ণ কৰিব লগীয়া প্ৰতিবাদৰ ৰেহ ৰূপ সম্পৰ্কত চুক্তি কৰি লোৱাটো আপোচকামীতাই নহয়, চৰম লজ্জাজনক । গতিকে প্ৰয়োজনত কাৰাৱাস অথবা মৃত্যুদণ্ডক আঁকোৱালি লম কিন্ত্ত এনে অভিসন্ধিত ভৰি নিদিওঁ । লগতে বিদ্যুৎ শইকীয়াই কয় যে, দণ্ডাধীশৰ জাননীক সন্মান জনাই অহা কাইলৈ আদালতত নিশ্চিতভাৱে হাজিৰ হম আৰু আমাৰ স্থিতি স্পষ্ট কৰিম ।