অন্ত পৰিল ৪৪ বছৰীয়া আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ আন এক অধ্যায় । ভংগ হ’ল সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা। ছিপাঝাৰত অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকৰ অন্তত আলফা ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছিপাঝাৰ নৱ নিৰ্মাণ কেন্দ্ৰত আলফাৰ অন্তিমখন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল ।
অন্তিমখন বৈঠকত ভাষণৰ সময়তে আৱেগিক হৈ পৰে অনুপ চেতিয়া।তেওঁ কয় ‘‘মই নিজে জন্ম দিয়া সংগঠন ভংগ কৰিবলৈ ওলাইছো।“ চলিত মাহতেই চৰকাৰক অস্ত্ৰ-শস্ত্ৰ জমা দিব আলফাই ৷ এতিয়াৰ পৰা সংগঠন হিচাপে নাথাকিব আলফা।
উল্লেখ্য যে দীর্ঘদিনীয়া শান্তি আলোচনাৰ অন্তত ২৯ ডিচেম্বৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে চুক্তি কৰিছিল আলফাই ৷ কেইবাটাও বিষয় অন্তভুর্ক্ত কৰা হৈছিল এই চুক্তিত ৷ চুক্তিৰ পাছতে আলফা ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ অনুপ চেতিয়াকে ধৰি কেন্দ্ৰীয় পৰিষদৰ নেতৃত্বৰ উপস্থিত চুক্তি স্বাক্ষৰ কৰা হৈছিল ৷