পৃথিৱীত এনে বহুতো লোক আছে যি খাদ্যৰ প্ৰতি বিশেষভাৱে চৌখীন। এনে লোকে জীৱনত এবাৰ নহয় এবাৰ অলপ ব্যতিক্ৰম অথবা সকলোতকৈ দামী খাদ্য খাবলৈ আগ্ৰহ কৰে। আনহাতে এনে খাদ্য ৰন্ধা লোকসকলেও সদায় বেলেগ বেলেগ ধৰণৰ খাদ্য প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে। পৃথিৱীত এনে কিছুমান খাদ্য আছে যাৰ দাম সপোনতো কল্পনা কৰিব নোৱাৰি। তথাপি খাদ্যৰ প্ৰতি চৌখীন লোকে এনে খাদ্য খোৱা দেখা যায়।
হাজাৰৰ পৰা লাখ টকাৰ হিচাপত বিক্ৰী হোৱা কিছুমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল-
- পিজ্জা খাই বেয়া পোৱা মানুহ হয়তো খুব কম। সাধাৰণতে খোৱা এটা পিজ্জাৰ দাম হয় ৩০০ ৰপৰা ১০০০ টকাৰ ভিতৰত। কিছু আচৰিত হ’লেও সঁচা যে নিউয়ৰ্ক চহৰত থকা “Udyog Kitchen” নামৰ এখন ৰেষ্টোৰাঁই পিজ্জা বিক্ৰী কৰে US$ 2,700 টকাত অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ২,০২,৯২৮ টকা। উল্লেখ্য যে এই পিজ্জা সোণৰ “Ossetra Caviar” , “Foie gras”, আমদানিকৃত বগা পনীৰ আৰু “Truffles” ৰে তৈয়াৰ কৰা হয়।
- শিশুৰ পৰা বয়সস্থ সকলো লোকে পপকৰ্ণ খাই ভাল পায়। পপকৰ্ণ এনে এবিধ খাদ্য যাক ১০ টকাতো ক্ৰয় কৰিব পৰা যায়। কিন্তু বহুতো লোকে হয়তো বিশ্বাস নকৰিব যে পপকৰ্ণ লাখ টকাতো বিক্ৰী হয় এখন বিশেষ ঠাইত। প্ৰাপ্ত তথ্য মতে চিকাগ’ চহৰত “Berco’s Popcorn” বিক্ৰী হয় US$2,500 টকাত। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ মূল্য ১,৮৭,৮৫৫ টকা। উল্লেখ্য যে এই পপকৰ্ণত থাকে পপকৰ্ণ কেৰামেল, ২৩ কেৰেট খোৱা উপযোগী সোণ আৰু “Lazo” নামৰ এবিধ সহজতে উপলব্ধ নোহোৱা বিশেষ নিমখ।
- বিৰিয়ানি প্ৰায় বহুতো লোকৰ প্ৰিয় এবিধ সোৱাদযুক্ত খাদ্য। উল্লেখযোগ্য যে ডুবাইৰ “Bombay Borough” নামৰ এখন ৰেষ্টোৰাঁত এক প্লেট বিৰিয়ানিৰ দাম ২০,০০০ টকা। এই বিৰিয়ানিৰ নাম হৈছে “Royal Gold Biryani” যি ২৩ কেৰেট সোণ , ৩ কিলো চাউল , বিভিন্ন মাংসৰ ব্যঞ্জন আৰু ৰাইটাৰ লগত পৰিবেশন কৰা হয়।
- গ্ৰীষ্মৰ সময়ত সকলোৰে প্ৰিয় এক খাদ্য হৈছে আইচ-ক্ৰীম। বজাৰত বিভিন্ন ধৰণৰ তথা বেলেগ বেলেগ দামৰ আইচ-ক্ৰীম পোৱা যায়। কিন্তু আচৰিত যেন লাগিলেও সঁচা যে ডুবাইৰ “Scoop Café” নামৰ এখন কেফেত Black Diamond নামৰ এক আইচ-ক্ৰীম পোৱা যায় যাৰ দাম USD 817 অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৬১,৩৮৭ টকা। এই আইচ-ক্ৰীমত “Madagascar vanilla” আইচ-ক্ৰীম, ইটালিয়ান “Truffles”, ইৰানীয়ান “Saffron” আৰু খোৱা উপযোগী ২৩ কেৰেট সোণ পোৱা যায়। উল্লেখযোগ্য যে এই আইচ-ক্ৰীম “Versace” ব্ৰেণ্ডৰ পাত্ৰত পৰিবেশন কৰা হয়।
- দিল্লীৰ “Connaught Place” নামৰ এখন ঠাইত এবিধ বিশেষ ধৰণৰ পাণ পোৱা যায়। এই পাণৰ দাম ৬০০ টকা। এই পাণখন ডাব নাৰিকল, শুকান খেজুৰ, ইলাচি, মিঠা চাটনি, মিঠা গোলাপ ফুলৰ পাহি , লং আৰু চেৰী আদিৰে তৈয়াৰ কৰা হয়। এই সমস্ত মচলাখিনি খোৱা উপযোগী সোণেৰে ঢাকি দিয়া হয় আৰু চেৰীৰ দ্বাৰা সজোৱা হয়। দেখিবলৈ ধুনীয়া হোৱাৰ লগতে খাবলৈও অতি সোৱাদযুক্ত এই পাণ।