লোকসভা নির্বাচনৰ পূর্বে মুকলি কৰা হ’ব মহাবীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমুর্ত্তি ৷ ১২৫ ফুট উচ্চতাৰ বীৰ লাচিত বৰফুনকৰ মূর্ত্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ফেব্ৰুৱাৰীৰ মাহৰ মাজভাগত বহুকেইটা কাৰ্যসূচী লৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেই ভ্ৰমনৰ মাজতে যোৰহাটৰ হোলোঙাপাৰ নির্মিত মূর্ত্তি তেওঁ উন্মোচন কৰিব ৷ ঐতিহাসিক লাচিত মৈদামক অসম চৰকাৰে প্ৰায় ১৫০ কোটি টকাৰ ব্যয়ৰে পুনৰ নির্মাণ কৰিছে ৷
প্ৰায় সম্পূৰ্ণ হোৱা দিশে নিৰ্মীয়মান লাচিত বৰফুকনৰ মূৰ্তিটো ৷ বীৰ লাচিত বৰফুনকৰ ব্ৰঞ্জৰ প্ৰতিমুৰ্তি সম্পূৰ্ণ হৈ উঠাৰ লগে-লগে উৎফুল্লিত হৈ পৰিছে লাচিত মৈদাম সংৰক্ষণ সমিতি ৷
২০২২চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আধাৰশিলা স্থাপন কৰিছিল লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প। ২০২৩ৰ মাৰ্চ মাহৰ পৰা ইয়াৰ নির্মাণকার্য অব্যাহত আছে ৷