চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা ল’লেও সময়ে সময়ে আগ্ৰাসন হৈ আহিছে অসমৰ ভূমিত ৷ চুবুৰীয়া ৰাজ্যৰ একাংশ লোকে বেদখল কৰিবলৈ চেষ্টা চলাই অসমৰ ভূমি ৷ যাক লৈ সীমান্তৱর্তী অঞ্চলসমূহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
অসম -নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তিত পুনৰ নগাৰ আগ্ৰাসনক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । স্থানীয় লোকৰ মাটিৰ গছ-গছনি কাটি তহিলং কৰি ভূমি বেদখলৰ চেষ্টা চলাইছে নগাই। স্থানীয় লোকৰ অভিযোগৰ পাছতেই ঘটনাস্থলীত উপস্থিত সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফৰ জোৱান ।
অৱশ্যে নিৰাপত্তৰক্ষী উপস্থিত হোৱাৰ পাছতো অঞ্চলটোত উত্তপ্ত পৰিস্থিতি অব্যাহত থাকে ৷ ভূমি বেদখল কৰা নগা লোকক বাধা প্ৰদান কৰিবলৈ যোৱা চি আৰ পি এফকে উভতি ধৰে নগাই। মেৰাপানীৰ গড়বস্তিৰ জীতেন চুতীয়া নামৰ ব্যক্তিজনৰ মাটিত নগাই অবৈধভাবে গছ –গছনি কাটিবলৈ চেষ্টা কৰিছিল ৷ ঘটনাৰ সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী জীতেন চুতীয়াই।