কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীসহ কেইবাজনো নেতাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত কৰিব এছআইটিয়ে ৷ আজি এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নির্দেশত ৰাহুল গান্ধী, কেচি বেণুগোপাল, কানহায়া কুমাৰসহ বহুকেইজন নেতাৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পিডিপিপি আইনৰ ৩ ধাৰাৰ অধীনত ৫৫/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷ চিআইডি ৰ এডিজিপিয়ে গঠন কৰিবলগীয়া এছআইটিৰ জৰিয়তে গোচৰটো তদন্ত কৰা হ’ব বুলি জি পি সিঙে সদৰী কৰিছে ৷
উল্লেখ্য যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক কালি গুৱাহাটীত প্ৰৱেশত বাধা দিয়াক লৈ খানাপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতে আৰক্ষীক আক্ৰমণৰ ভাবুকি, ৰাজহুৱা সম্পত্তি ধ্বংস আদিকে ধৰি কেইবাটায়ো অভিযোগত গোচৰ ৰুজু কৰিছিল ৷ ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাক গুৱাহাটীৰ ভিতৰেৰে প্ৰৱেশত অনুমতি দিয়া নাছিল চৰকাৰে ৷