অহা ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন। দক্ষিণ প্ৰাথমিক বড়ো সাহিত্য সভা আৰু দাঁতালপাৰা বড়ো সমাজৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ দাঁতালপাৰা বড়ো সমাজৰ ৰংজালী বৈসাগুসালী খেলপথাৰত অনুষ্ঠিত হ’ব এই অধিৱেশনখ।
দুয়োটা দিনতে পুৱাৰ পৰা নিশালৈকে বহু কেইটা সাহিত্য, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । ২৭ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ক্ৰমে প্ৰতিনিধি শিবিৰ উদ্বোধন, মুখ্যদ্বাৰ উদ্বোধন, মূল ৰভাস্থলী উদ্বোধন, প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ৷ ইয়াৰ পাছত পুৱা ১০ বজাত পতাকা উত্তোলন কৰা হ’ব ।
ইয়াৰ পাছত ছহিদ তৰ্পণ, প্ৰতিনিধি সভা, বিশেষ আলোচনা সভা, সন্ধিয়া ৬-৩০ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আদি অনুষ্ঠিত হ’ব। বিশেষ আলোচনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বড়ো সাহিত্য সভাৰ নতুন দিল্লী, এন চি আৰৰ সভাপতি অধ্যাপক ড০ নিৰালা ৰামছিয়াৰী।
২৮ ডিচেম্বৰতো একেদৰে পুৱা ৮ বজাৰ পৰাই আৰম্ভ হ’ব সভাৰ বিভিন্ন কাৰ্যসূচী। মুকলি সভাত মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ গণেশ ঔৱাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ স্বৰ্ণপ্ৰভা চৈনাৰী উপস্থিত থাকিব ৷