মাজুলীত মাতৃহন্তা পুত্ৰক যাৱজ্জীৱন শাস্তিৰে দণ্ডিত কৰিছে আদালতে ৷ মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে মাতৃহন্তা ৰাহুল কাকতিক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহিছে ৷
২০২৩ চনৰ ১৫ আগষ্টত মাজুলীৰ জোৰবিল গাঁৱৰ ৰাহুল কাকতিয়ে মাতৃক চোকা অস্ত্ৰৰে ঘপিয়াই,নৃশংসভাৱে হত্যা কৰিছিল। পিছত গড়মূৰ আৰক্ষীয়ে ৰাহুল কাকতিক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে ৷
গড়মূৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ৫০/২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰে ৷ বিগত পাঁচ মাহ আদালতৰ মজিয়াত গোচৰটৰ বিচাৰ প্ৰক্ৰিয়া চলে ৷ ইয়াৰ পাছতে তথ্য-প্ৰমাণ আৰু সাক্ষ্যৰ ভিত্তিত আজি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে। আদালতৰ ৰায়ত স্থানীয় লোকসকল আনন্দিত হৈছে ৷