ৰাজ্যৰ প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মাটিৰ একাংশ দালালে বিভিন্ন অজুহাতেৰে ভূমিৰ গৰাকীক হাৰাশাস্তি কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।অৰ্থাৎ দালাল অবিহনে মাটিৰ কোনো কাম আগনাবাঢ়ে বুলি সাধাৰণ ৰাইজে বহু দিনৰে পৰা এক ধাৰণা কৰি লৈছে।
দালালচক্ৰৰ এই দপদপনি উৎখাত কৰিবলৈ এতিয়া মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মংগল বাৰে গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অতিৰিক্ত উপায়ুক্ত-ৰাজহ চক্ৰ বিষয়াৰ সন্মিলনত উপস্থিত থাকি বিষয়া সকলৰ সৈতে মত বিনিময় কৰি মাটিৰ ফাইল পৰি থকাক লৈ প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী জনে।যিহেতু কামৰূপ গ্ৰাম্যত এতিয়াও ৬৭০ টা মাটিৰ ফাইল পৰি থকাৰ উপৰিও কামৰূপ মহানগৰত প্ৰায় ৬০০০ ফাইল পৰি থকাৰ কথা উল্লেখ কৰি এই পৰি থকা ফাইল সমূহ অহা ৬ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইয়াৰোপৰি সকলো বিষয়াকে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ পৰামৰ্শ দি কামৰ বিনিময়ত কোনো ধন ল’ব নোৱাৰিব বুলি সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰী জনে।লগতে দালাল চক্ৰ উৎখাত কৰিবলৈ ৰাজহ বিভাগৰ কাৰ্যালয়ত কোনো দালাল দেখিলেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী গান্ধী জয়ন্তীৰ দিনা অৰ্থাৎ ২ অক্টোবৰৰ পৰা অসমৰ ভূমি সংস্কাৰৰ ক্ষেত্ৰত ”মিছন বসুন্ধৰা” নামৰ এক ব্যৱস্থা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজহ বিভাগে।সেই অনুসৰি মাটি বিক্ৰীৰ অনুমতি প্ৰদানত ৭ দিনতকৈ অধিক সময় ল’ব নোৱাৰিব বুলিও সকীয়াই দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
একেদৰে ভূমি আবন্টনৰ ক্ষেত্ৰত এতিয়াৰ পৰা ভূমিৰ আবন্টন দিয়া নহ’ব বুলি উল্লেখ কৰি ইয়াৰ পৰিৱৰ্তে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘ দিনৰ পৰা চলি থকা দালালী ৰাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী জনে মাটিৰ দালালক অতি সোনকালে গামোচা পিন্ধাই বিদায় দিবলৈ বিষয়া সকলক আহ্বান জনায়। অন্যথা চক্ৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।