আমাৰ দেশ ভাৰতত বিবাহ এনে এক অনুষ্ঠান যি কেৱল আৱেগৰ সৈতেই যে জড়িত এনে নহয় , ইয়াৰ সৈতে জড়িত হৈ থাকে দুয়োখন ঘৰৰ মান-মৰ্যাদাও। আমাৰ দেশত সন্তানৰ বিয়া কেৱল পিতৃ-মাতৃৰেই সপোন নহয়, বৰঞ্চ প্ৰতিজন যুৱক-যুৱতীয়ে নিজৰ বিয়াখন ভালকৈ অনুষ্ঠিত কৰাৰ সপোন দেখে।
অৱশ্যে এতিয়া সময় সলনি হৈছে। কাৰণ এতিয়া মাইক্ৰ’ ৱেডিঙৰ যুগ। বলীউডৰ তাৰকাসকলৰ পৰা আৰম্ভ কৰি দেশৰ বহু আগশাৰীৰ উদ্যোগী সকললৈকে বহুতেই এতিয়া গ্ৰহণ কৰিছে মাইক্ৰ’ ৱেডিঙৰ পথ ।
কিন্তু আপুনি বাৰু জানেনে যে কি এই মাইক্ৰ’ ৱেডিং?
আমাৰ ভাৰতীয় সংস্কৃতি পৰম্পৰা আৰু গ্ৰেণ্ড ৱেডিঙৰ বিপৰীতে বৰ্তমান সময়ত এক জনপ্ৰিয় বিবাহ প্ৰণালী এই মাইক্ৰ’ ৱেডিং। এই বিবাহত প্ৰায় ৪০ৰ পৰা ৫০জন মানুহ অৰ্থাৎ কেৱল দৰা-কইনাৰ ঘনিষ্ঠ আত্মীয় আৰু বন্ধু-বান্ধৱীকহে অন্তৰ্ভুক্ত কৰা হয়। । এই বিয়াত বৃহৎ খৰচৰ পৰা হাত সাৰি নিজৰ ঘনিষ্ঠৰ সৈতে মানসম্পন্ন সময় কটাব পাৰি।
ভাৰতৰ জনপ্ৰিয় তাৰকা দম্পত্তি বিৰাট কোহলী-অনুষ্কা শৰ্মা, ৰণবীৰ সিং-দীপিকা পাডুকন, কিয়াৰা আদৱানী-সিদ্ধাৰ্থ মালহোত্ৰা, ৰণবীৰ কাপুৰ-আলিয়া ভাট, বিকি কৌশল-কেটৰিনা কাইফৰ পৰা পৰিনীতি চোপ্ৰা-ৰাঘৱ চদ্দাৰ দৰে বহুজনেই এই মাইক্ৰ’ ৱেডিঙৰ পথ গ্ৰহণ কৰিছে। উল্লেখনীয় যে এতিয়া সাধাৰণ যুৱক-যুৱতীসকলেও এই পন্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।
মাইক্ৰ’ ৱেডিঙৰ আছে বহু উপকাৰ –
ধূমধামেৰে পতা যিকোনো বিয়াৰ দৰেই বিলাসপূৰ্ণ ভাবেই অনুষ্ঠিত কৰিব পাৰি এই বিবাহ অনুষ্ঠান ।কিয়নো ৫০০ৰ পৰা ৬০০ জনৰ ঠাইত মাত্ৰ ৪০ৰ পৰা ৫০ জনৰ বাবেহে কৰা হয় এই বিয়াৰ যা-জোগাৰ।সেয়েহে এনে বিয়াত কম খৰচত অধিক বিলাসী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।কম মানুহ হ’লেও অত্যন্ত উপভোগ্য হয় বিয়াৰ প্ৰতিটো অনুষ্ঠান লগতে সকলোকে সুন্দৰকৈ সময়ো দিব পাৰি। ইয়াৰ উপৰিও নিজৰ বিশেষ দিনটোক স্মৰণীয় কৰি তুলিবলৈ দৰা-কইনায়ো নিজেও যথেষ্ট সময় পায়।
অৱশ্যে এই মাইক্ৰ’ বিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিমন্ত্ৰিত অতিথিৰ তালিকা।
কাৰণ এই বিয়াত দৰা-কইনাই সৰু কৰি ৰাখিব লাগে অতিথিৰ তালিকাখন, গতিকে এই সময়ত যথেষ্ট ভাবি-চিন্তিহে সিদ্ধান্ত ল’ব পাৰি আৰু নিমন্ত্ৰণ কৰিব পাৰি কেৱল পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলৰ লগতে একেবাৰে ঘনিষ্ঠ বন্ধুসকলকহে । লগতে বিয়াৰ বাবে বাছিব লগীয়া হয় এনে এক স্থান য’ত অতিথিসকলেও যেন বিলাসীতা অনুভৱ কৰে।
অৱশ্যে এই বিবাহ অনুষ্ঠানৰ জৰিয়তে দৰা-কইনাৰ বিবাহ অনু্ঠানৰ আমন্ত্ৰিত অতিথি সকলৰ বিশেষ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকসকল ক্ষোভিত হোৱাৰো অৱকাশ অৱশ্যেই থাকে ৷ কিন্তু ব্যস্ততাপূৰ্ণ আজিৰ যুৱ প্ৰজন্মৰ মাজত তথাপিও অত্যন্ত জনপ্ৰিয় এই ‘মাইক্ৰ’ ৱেডিং’