এইবাৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ,পদ্মশ্ৰীৰে বিভূষিত হৈছে একাধিক বিদেশী নাগৰিক ৷
ভাৰতৰ বাণিজ্য খণ্ডত বৃহৎ অৱদান আগবঢ়োৱাৰ বাবে টাইৱানৰ জ্যেষ্ঠ নাগৰিক য়ং লিউলৈ আগবঢ়োৱা হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ।উল্লেখনীয় যে চীনৰ চুবুৰীয়া দ্বীপটোৰ বাসিন্দা ৬৮ বছৰীয়া লিউ টাইৱানৰ বিশ্ববিখ্যাত বহুজাতিক প্ৰতিষ্ঠান ফক্সকনৰ চিইঅ’। ক’ভিড ১৯ মহামাৰীৰ পিছত চীনত ফলপ্ৰসূভাৱে উৎপাদন হ্ৰাস কৰাৰ লগতে ভাৰতত বিনিয়োগ বৃদ্ধি কৰিছে এই প্ৰতিষ্ঠানটোৱে । বিশেষকৈ দক্ষিণ ভাৰতত উৎপাদনৰ ক্ষেত্ৰখনত প্ৰচুৰ বিনিয়োগ অব্যাহত ৰাখিছে ফক্সকনে। ভাৰতৰ বাণিজ্য খণ্ডলৈ এই বৃহৎ অৱদান আগবঢ়োৱাৰ বাবে ইয়ং লিউক এই পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে ভাৰত চৰকাৰে।
আনহাতে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছে একাধিক বিদেশী নাগৰিকক। তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ফ্ৰান্সৰ চাৰ্লট চাঁপা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত তেওঁক সাক্ষাৎ কৰিছিল। চাৰ্লটে ৫০ বছৰ বয়সৰ পৰাই যোগাসন শিকোৱা আৰম্ভ কৰিছিল আৰু বিশ্বৰ যোগ জগতখনলৈ তেওঁৰ অৱদান অনস্বীকাৰ্য।
উল্লেখনীয় যে কেৱল ফ্ৰান্সৰ পৰাই চাৰিজন নাগৰিকে লাভ কৰিছে পদ্ম সন্মান। আন এগৰাকী ফৰাচী নাগৰিক কিৰণ ভাছেও যোগাসনৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে। আয়ুৰ্বেদিক অনুশীলনৰ লগতে যোগৰ জগততো খ্যাতি অৰ্জন কৰিছে ৭৯ বছৰীয়া কিৰণে। আনহাতে পদ্মশ্ৰী সন্মান লাভ কৰা আন এগৰাকী সংস্কৃতৰ গৱেষক তথা ফৰাচী নাগৰিক ৮৭ বছৰীয়া পিয়েৰ সিলভ্যা ফিলিওজাট যি ভাৰতৰ সংস্কৃতিৰ বিষয়েও যথেষ্ট অধ্যয়ন কৰিছে।
পদ্মশ্ৰী সন্মানেৰে সন্মানিত আন এগৰাকী ফৰাচী নাগৰিক হ’ল ফ্ৰেড নেগ্ৰিট যি হ’ল এজন ভাৰত-অন্বেষক।সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত পদ্মশ্ৰী বঁটা লাভ কৰিছে এইজন ফৰাচী ব্যক্তিয়ে ।