সাংস্কৃতিক সমন্বয়ৰ বার্তাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কার্যসূচীৰ আয়োজন কৰা হয় ৷ ইয়াৰ মাজতে যোৰহাটৰ এখন গাঁৱে আয়োজন কৰিলে এক ব্যতিক্ৰমী কার্যসূচী ৷ যোৰহাট নগৰৰ পৰা কিছু নিলগৰ বৰভেটা মাজগাঁৱত অনুষ্ঠিত কৰা হ’ল জী-জোঁৱাই সন্মিলন ৷
অসমৰ বিভিন্ন প্ৰান্তত বাস কৰা গাওঁখনৰ জী-জোঁৱাইসকলক আনুষ্ঠানিকভাৱে নিজৰ আপোন গাঁওখনৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে বৰভেটা মাজগাঁওবাসীয়ে জী-জোঁৱাই সন্মিলন আয়োজন ককৰে ৷ ২৭ জানুৱাৰীত প্ৰগতি পুথিভঁৰাল আৰু বৰভেটা মাজগাঁও লোকসেৱা সমিতিৰ উদ্যোগত আয়োজন কৰা এই সন্মিলনত ৪৮ যোৰা জী-জোঁৱাই উপস্থিত থাকে ৷ ইয়াৰ লগতে অনুষ্ঠিত হয় ৰসাল আড্ডা ৷ য’ত জীৱনসংগীক বিচাৰি অহা পৰিস্থিতিৰ পৰা একাংশই নিজৰ প্ৰেম কাহিনী বর্ণনা কৰি অনুষ্ঠানটো অধিক আকর্ষণীয় কৰি তোলে ৷ সকলোৱে লগে ভাগে গ্ৰহণ কৰিলে এসাঁজ খাদ্যও ৷
ব্যতিক্ৰমী এই জী-জোঁৱাই অনুষ্ঠানে গাওঁবাসীক উৎফুল্লিত কৰি তোলে ৷ ভোজ-ভাত, ৰসাল আড্ডাৰ লগতে সাংস্কৃতিক কার্যসূচীয়ে সকলোকে আপ্লুত কৰে ৷