অহা ৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বার্ষিক অধিৱেশন ৷ ৩১ জানুৱাৰী, ১,২ আৰু ৩ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই বাৰ্ষিক বিশেষ অধিৱেশন। বাৰপূজীয়া পাঁজোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অধিৱেশনক সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূর্ণ হৈছে ৷
আদৰণি সমিতিয়ে প্ৰকাশ কৰা অনুসৰি একেলগে দহ হাজাৰ লোক বহিব পৰাকৈ মূল সভা মণ্ডপনিৰ্মাণ কৰা হৈছে ৷ তদুপৰি একেলগে পোন্ধৰ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজন গৃহ। অসমৰ বিভিন্ন সংস্কৃতিৰ প্ৰদর্শনেৰে নিৰ্মাণ কৰা হৈছে বৃহৎ আকাৰৰ মূল প্ৰৱেশদ্বাৰ।
তদুপৰি অধিৱেশনথলীত অনুষ্ঠিত হৈছে বাণিজ্য মেলা। বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আহ্বানত অসম সাহিত্য সভাই সভাখখনিক সফল কৰি তুলিবলৈ আদৰণি সমিতিয়ে গঠন কৰিছে ৩৪ খন উপসমিতি। অতিথিক আপ্যায়িত কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে আদৰণি সমিতিৰ বিষয় ববীয়া আৰু স্থানীয় ৰাইজ।