আজি কৃষক শ্বহীদ দিৱস ৷ আজিৰ দিনটোতে ঐতিহ্যমণ্ডিত পাথৰিঘাটত ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে ওলাই আহি প্ৰাণ দিছিল ১৪০ জন কৃষকে ৷ আজি পাথৰিঘাটৰ লগতে ঠায়ে ঠায়ে শ্বহীদসকলৰ সোঁৱৰণত বিভিন্ন কার্যসূচীৰ আয়োজন কৰা হয় ৷এই ঐতিহাসিক বিদ্ৰোহৰ মহান শ্বহীদ কৃষকসকলক সুঁৱৰি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে আজি গুৱাহাটীত আয়োজন কৰা “কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস” অনুষ্ঠানটিত অংশগ্ৰহণ কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ শ্বহীদ বেদীত স্বদেশ-স্বজাতি, স্বাধিকাৰৰ হকে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ কৃষকসকলৰ প্ৰতি মাল্যাৰ্পণেৰে সশ্ৰদ্ধ প্ৰণিপাত জনায় মন্ত্ৰী গৰাকীয়ে ৷
অতুল বৰাই কয় –“ব্ৰিটিছৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে অসমীয়া কৃষকসকলে পথৰুঘাটত দেখুৱাই যোৱা সাহস আৰু বীৰত্বৰ কাহিনীৰে অনুপ্ৰাণিত হৈ আমাৰ কৃষকসকলে কৃষি খণ্ডৰ বিকাশৰ বাবে কাম কৰি যাব লাগিব। মা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া ৰাজ্যখনৰ কৃষিখণ্ডই বিশ্বমুখী যাত্ৰা আৰম্ভ কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধি পাবলৈ ধৰিছে। কৃষি খণ্ডৰ বিকাশৰ বাবে অসম কৃষক পৰিষদ পৰিয়ালেও অনাগত দিনবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব বুলি আশা ৰাখিছোঁ।“
কৃষি আৰু আনুষংগিক খণ্ডৰে জড়িত কেইবাগৰাকীও কৃষকক আজিৰ অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয়।অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাখনত অসম কৃষক পৰিষদৰ তত্ত্বাৱধায়ক তথা অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, সমল ব্যক্তি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড° বিবেকানন্দ শইকীয়া, অগপৰ সাধাৰণ সম্পাদক- ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভূপেন ৰয়, মনোজ শইকীয়া, উপ-সভাপতি সুনীল ডেকা, ড° ৰঞ্জিত ডেকা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, অন্যান্য বিষয়ববীয়া- অতুল কোঁচ, মামণি বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, অসম কৃষক পৰিষদৰ কাৰ্যকৰী সভাপতি, সম্পাদক, কৃষক পৰিষদৰ কেন্দ্ৰীয়, জিলা, বিধানসভা সমষ্টি স্তৰৰ অন্যান্য বিষয়ববীয়া, অগপ আৰু অগপৰ অন্যান্য ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া, দলীয় সতীৰ্থ আৰু কৃষক ৰাইজ উপস্থিত থাকে৷
ইফালে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই শ্ভহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় –“ দৰঙৰ ঐতিহাসিক পথৰুঘাটে কয়, অসমৰ কৃষকসকলৰ আত্মত্যাগৰ কাহিনী৷ ব্ৰিটিছৰ নিৰ্মম অত্যাচাৰত অতিষ্ঠ হোৱা স্থানীয় কৃষক বিদ্ৰোহৰ বহি:প্ৰকাশ পথৰুঘাটৰ ৰণ৷ ভাৰত বুৰঞ্জীৰ অজৰ-অমৰ অধ্যায় হিচাপে ভৱিষ্যতৰ দিনত সদায়েই স্বাধীনতাকামী, মুক্তিকামী পথৰুঘাটৰ শ্বহীদক সভক্তি আৰু শ্ৰদ্ধাৰে স্মৰণ কৰিব৷ আজিৰ এই পৱিত্ৰ দিনত পথৰুঘাটৰ ৰণৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ ৷ “