বিধানসভাৰ গো-সুৰক্ষা আইনৰ প্ৰসংগই শেহতীয়াকৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। দুৰ্ভাগ্যজনক ভাৱে আইনখন গ্ৰহণ কৰাৰ পিচতো গো-মাফিয়াৰ দৌৰাত্ম্য অব্যাহত আছে।
অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এটা বাতৰি অনুসৰি ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহতে বি এছ এফে ১১১ টা গৰু জব্দ কৰিছে। শালমৰা-মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে বাংলাদেশলৈ গৰুৰ অবাধ চালান চলি আছে বুলি বাতৰিত প্ৰকাশ। শালমাৰাত শেহতীয়াকৈ ব্যাপক হাৰত গৰুৰ চোৰাং ব্যৱসায় বৃদ্ধি পাইছে।
তথ্য অনুসৰি স্থানীয় গৰু মাফিয়াসকলে নদীপথেৰে জাক জাক গৰু বাংলাদেশলৈ চালান দিছে। বাৰিষাৰ ভৰা পানীৰ সুযোগ লৈ কলগছত বান্ধি ৰাতি ৰাতি গৰুৰ সৰবৰাহ কৰা হৈছে। আনহাতে বি এছ এফে জব্দ কৰা গৰু আৰক্ষীক ঘূৰাই দিছে যদিও কোবাল সোঁতৰ বাবে নিৰাপত্তাজনিত কাৰণত বহু গো-ধন উদ্ধাৰ কাৰ্যত তেওঁলোক ব্যৰ্থ হৈছে।
বুধবাৰে পুৱতি নিশা বি এছ এফৰ জোৱানে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ সীমান্তৱৰ্তী চালাপাৰাত ১৬ টা গৰু-ম’হ নদীৰ পৰা উদ্ধাৰ কৰিছে। চোৰাং সৰবৰাহকাৰীয়ে কলগছত বান্ধিয়েই এই গৰু-ম’হকেইটা বাংলাদেশৰ দিশে উটুৱাই দিছিল।
গো-ধন সৰবৰাহৰ ক্ষেত্ৰত স্থানীয় থানাসমূহ জড়িত আছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। এই প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সন্মিলন সম্বোধন কৰি আৰক্ষী বিষয়াসকলক গৰুৰ টকাৰ প্ৰতি মূৰ তুলি নাচাবলৈ সকিয়নী দিছিল।
উল্লেখযোগ্য যে গো-সুৰক্ষা আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ প্ৰদানৰ পিচতো গৰুৰ চোৰাং চালানৰ ভয়াবহ ছবি এখনহে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যৰ গৰু চিণ্ডিকেটৰ মূল অভিযুক্তজন হ’ল ৰবি ৰেড্ডি।
অথচ আজিলৈকে ৰবি ৰেড্ডিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল অসম আৰক্ষী। চালান হোৱা গৰুবোৰৰ শৰীৰত ক’লা ৰঙেৰে কেতবোৰ বিশেষ সংখ্যা লিখি দিয়া হয়। গৰুৰ জাক বাংলাদেশ গৈ পোৱাৰ পিচত ব্যৱসায়ীয়ে সেই কোডসমূহৰ বিপৰীতে চালান দিয়া চোৰাং ব্যৱসায়ীক ধন আদায় দিয়ে।
হাৱালাযোগে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা দক্ষিণ শালমাৰা নাইবা ধুবুৰী জিলাত থকা চোৰাং ব্যৱসায়ীলৈ ধন পঠিওৱা হয় বুলি বাতৰিত প্ৰকাশ। এটা কথা সত্য যে অতিকে সু-সংগঠিত এক চক্ৰৰ দ্বাৰা গৰুৰ চালান অব্যাহত আছে।
এই চক্ৰ উৎখাত কৰিবলৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথাই গো-সুৰক্ষা আইন ধোঁৱাচাঙত উঠিবলৈ বেছি পৰ নালাগিব!