নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰি ভাগৰিল বর্ষীয়ান ছাত্ৰ নেতা দীপাংক কুমাৰ নাথ ৷ ৰাজপথত ভাষণৰ ফুলজাৰি মাৰি ৰাইজৰ হাত চাপৰি পোৱা এইজন নেতাই আজি আনুষ্ঠানিভাৱে আজি যোগ দিলে বিজেপিত ৷ ২০২২ চনৰ ডিচেম্বৰত আছু এৰিছিল দীপাংক কুমাৰ নাথে ৷ আজি বশিষ্ঠস্থিত বাজপেয়ী ভৱনত তেওঁ আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধে ৷
এই যোগদান সমাৰোহত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ লগতে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, অংকিতা দত্ত, দীপাংক নাথৰ উপৰি আছুৰ প্ৰাক্তন শিক্ষা সম্পাদক প্ৰকাশ দাসে বিজেপি দলত যোগদান কৰে ৷
উল্লেখ্য যে ‘কা’ আন্দোলনৰ সময়চোৱাত উদাত্ত প্ৰতিবাদী কণ্ঠ হৈ গৰজি উঠিছিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাকো কঠোৰ ভাষাৰে তেওঁ সমালোচনা কৰিছিল ৷ মাধ্যম বিতর্ক, বৃহৎ নদীবান্ধ আদিক লৈ বিজেপিৰ বিৰুদ্ধে তেওঁ অত্যন্ত সৰৱ আছিল ৷ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সততাই নীতি আদর্শ কথা কোৱা এইজন নেতাৰ বিজেপি গমনে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
ইফালে শনিবাৰে কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিছে। গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদকে ধৰি সকলো দায়িত্ব ত্যাগ কৰি পদত্যাগ পত্ৰ জমা দিছে। ইয়াৰোপৰিও কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তয়ো বিজেপিত যোগদান কৰে ৷