কজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। হেণ্ডকাফসহ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লুইতৰ বুকুত জাঁপ দিলে চোৰাং চিকাৰীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা এজন গঁড় চিকাৰীক লগত লৈ আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যোৱাৰ সময়তে হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুধৰ্ষ গঁড় চিকাৰীজনে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা চোৰাং চিকাৰীজন হৈছে জগো পেগু । আনহাতে গঁড় চিকাৰীক জাঁপ দিয়াত হাহাকাৰ লগা দুই আৰক্ষী জোৱানেও ব্ৰহ্মপুত্ৰত জাপ দি তেওঁক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে ৷ অৱশ্যে তেওঁলোক বিফল হয় ৷
উল্লেখ্য যে, কাজিৰঙাৰ আগৰতলী বনাঞ্চলত দেওবাৰে বোকাখাত আৰক্ষীয়ে চলাইছিল চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান। সমান্তৰালভাৱে গঁড় হত্যা কৰা স্থানো পৰিদৰ্শন কৰাৰ উদ্দেশ্যেৰে যোৱা আৰক্ষীৰ দলটোৱে এই অভিযানৰ বাবে লগত লৈ গৈছিল দুধৰ্ষ চোৰাং চিকাৰী জগো পেগুক।এই অভিযানৰ মাজতে জগো পেগুৱে সুযোগ বুজি আৰক্ষীৰ নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে। ইয়াৰ লগে লগে দুই আৰক্ষী জোৱানে তেওঁক পুনৰ কৰায়ত্ত কৰিবলৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে যদিও দুয়ো সন্ধানহীন হৈ পৰে। অৱশ্যে প্ৰায় দুঘণ্টাৰ অন্তত দুই আৰক্ষী জোৱানক উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ হোৱা দুই আৰক্ষী জোৱানক বোকাখাতৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুই জোৱানৰ নাম ক্ৰমে হীৰকজ্যোতি বৰদলৈ আৰু মোহিত বৰা বুলি জানিব পৰা গৈছে ।
কিন্তু দুধৰ্ষ চিকাৰী জগো পেগু এতিয়াও পলাতক হৈ আছে।জগো পেগুৱে এইদৰে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ পাছতে তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷