ভাৰতীয় ক্ৰিকেট দলৰ সফলতম অধিনায়কৰ সকলৰ ভিতৰত যাৰ নাম সকলোতকৈ প্ৰথমে লোৱা হয় তেঁওৰ নাম হৈছে মহেন্দ্ৰ সিং ধোনী। ২০২০ চনত জাতীয় দলক বিদায় জনাইছিল এইগৰাকী ক্ৰিকেটাৰে। ক্ৰিকেটৰ পৰা অব্যাহতি লোৱাৰ পাছত নিজাকৈ ব্যৱসায়ৰ কামত আগবাঢ়িছিল ধোনীয়ে। প্ৰাপ্ত বাতৰি অনুসৰি নতুন ব্যৱসায়ত অভূতপূৰ্ব সফলতা লাভ কৰিছে এই গৰাকী প্ৰাক্তন ক্ৰিকেটাৰে।
উল্লেখ্য যে ৰাঁচিৰ দুগ্ধ বজাৰত আন সকলো ব্যৱসায়ীৰ তুলনাত সকলোতকৈ আগত আছে ধোনীৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰ। ধোনীৰ এই ফাৰ্ম হাউচৰ নাম ইজা ফাৰ্ম হাউচ আৰু গাখীৰৰ ফাৰ্ম হাউচৰ নাম ”Shambo Farm House“ ।
প্ৰাপ্ত তথ্য মতে ধোনীৰ এই ফাৰ্ম হাউচত ১৫০ তকৈ অধিক প্ৰজাতিৰ গৰু আছে। আনহাতে ফাৰ্ম হাউচৰ পৰা ইতিমধ্যে ৫০০ লিটাৰতকৈও অধিক গাখীৰ উৎপাদন হৈছে আৰু এই গাখীৰ বাহিৰত বিক্ৰীও কৰা হৈছে।
কৰ’না মহামাৰীৰ সংক্ৰমণৰ এনে অস্বাভাৱিক সময়ত ফাৰ্মৰ দুগ্ধ মানুহৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থাও কৰা হৈছে। প্ৰাপ্ত তথ্য মতে তিনি ধৰণৰ দুগ্ধ বিক্ৰী হয় ধোনীৰ ফাৰ্মৰ পৰা। ইয়াৰে ভিতৰত হোজন ফ্ৰিজন গাখীৰ প্ৰতি লিটাৰ ৫৫ টকা , সাহিবাল প্ৰজাতিৰ গৰুৰ গাখীৰ প্ৰতি লিটাৰ ৯০ টকা আৰু গুজৰাটৰ গিৰ প্ৰজাতিৰ গৰুৰ গাখীৰ ১৩০ টকা প্ৰতি লিটাৰত বিক্ৰী হয়।
উল্লেখ্য যে ধোনীৰ ফাৰ্মৰ এই গাখীৰৰ মানদণ্ড অতি উন্নত। কোনোধৰণৰ ভেজাল নাই এই গাখীৰত।বহুতো গ্ৰাহকৰ মতে সুন্দৰ পৰিচালনা, পৰিষ্কাৰ-পৰিছন্নতাৰ লগতে কৰ্মচাৰী সকলে একাগ্ৰতাৰে কাম কৰাৰ বাবেই এইদৰে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে ধোনীৰ এই নতুন ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে।