যোৱা ২০ জানুৱাৰী তাৰিখে গৃহমন্ত্রী অমিত ছাহ ৰ অসম ভ্ৰমণৰ সময়ত বিনাকাৰণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক পুৱতি নিশা গোলাঘাটস্থিত বাসগৃহৰ পৰা আৰক্ষী বাহিনীয়ে আটক কৰি গোলাঘাট থানাত ৰাখিছিল । ৰাইজৰ প্ৰৱল প্ৰতিবাদত মুকলি কৰি দিবলৈ বাধ্য হোৱা শইকীয়াৰ লগতে কৃষক মুক্তিৰ বহুকেইজন বিষয়ববীয়াক আন্দোলন নকৰো বুলি চুক্তি পত্ৰত চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল । পৰৱৰ্তী সময়ত কিয় চুক্তিত চহী নকৰে তাৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা প্ৰশাসনৰ জাননীৰ উত্তৰত আজি পোন্ধৰ পৃষ্ঠা জোৰা লিখিত উত্তৰ দণ্ডাধীশক জমা দিয়ে শইকীয়া সহিতে সতীৰ্থ হিৰক জ্যোতি শইকীয়া, পিন্টু গগৈ, অৰিন্দম তামুলী আৰু ৰূপম গগৈয়ে ।
কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ মন্তব্য- ” চৰকাৰৰ-প্ৰশাসনৰ কোনো শক্তিয়ে আমাক প্ৰতিবাদ বন্ধ কৰোৱাব নোৱাৰে। আমি দালাল বা গাড্ডাৰ নহয়। বিজেপিয়ে আমাক একেখন চচমাৰে চোৱাতো মূৰ্খামি।, আজি ১৫ পৃষ্ঠাৰ কাৰন দৰ্শোৱা জাননীৰ লিখত উত্তৰ জমা দিছো দণ্ডাধীশক, যে কিয় আমি ব’ণ্ডত চহী নকৰো, বাকী আদালতে সময় লৈছে আমাক আমাৰ কথা খিনি চালি জাৰি চাই আৰক্ষী-প্ৰশাসনৰো ভাষ্য শুনি সিদ্ধান্ত লব বুলি জনাই আমাক জনাই । আমাৰ শেষ কথা আমি চুক্তিত চহী নকৰো ।
লগতে শইকীয়াই আইনী সাহাৰ্য্য আগবঢ়োৱা সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া আৰু গোলাঘাটৰ সন্মানীয় ঋতুপল্লৱ শইকীয়া, পাৰ্থজ্যোতি বৰা, আৰু অংশুমান বৰুৱা আৰু তেখেতলোকৰ সহযোগী সকললৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।