দেশৰ গোপন তথ্য ফাদিল কৰাৰ অপৰাধত পাকিস্তানৰ বিশেষ আদালতে প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খানক ১০ বছৰৰ কাৰাদণ্ড বিহে৷ ইমৰাণৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ দেশৰ গুৰুত্বপূৰ্ণ কূটনৈতিক গোপন তথ্য থকা চিঠি ফাদিল কৰিছে । এই গোচৰৰ শুনানি মঙলবাৰে পাকিস্তানৰ বিশেষ আদালতত অনুষ্ঠিত হয়। আদালতে ইমৰাণ আৰু তেওঁৰ দলৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ উপ-সভাপতি শ্বাহ মেহমুদ কুৰেশ্বীক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
ইতিমধ্যে টোছাখানা গোচৰত পাকিস্তান আৰক্ষীয়ে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কাৰাগাৰত আছে। পাকিস্তানৰ আদালতত তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছে। এই গোচৰটোও তাৰ ভিতৰত এটা আছিল। যদিও ইমৰানে আৰম্ভণিৰে পৰাই সমগ্ৰ বিষয়টো এক ষড়যন্ত্ৰ বুলি অভিহিত কৰি আহিছে । তেওঁক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল বুলি তেওঁ মন্তব্য কৰিছে ।
২০২২ চনৰ এপ্ৰিল মাহত ইমৰাণক অনাস্থা ভোটৰ জৰিয়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হয়। ইয়াৰ পিছত ২০২৩ চনৰ ৫ আগষ্টত তেওঁক ইছলামবাদ আদালতে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। টোছাখানা গোচৰত ইমৰানক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আটক জিলা কাৰাগাৰত বন্দী হৈ আছিল তেওঁক। ইয়াৰ পিছত যোৱা বছৰৰ ডিচেম্বৰ মাহত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰাণ আৰু কুৰেছীক জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে জামিন লাভ কৰাৰ পিছতো ইমৰাণৰ বিৰুদ্ধে ৰুজু হোৱা অন্যান্য গোচৰৰ বাবে তেওঁ জেলত থাকিবলগীয়া হয় ৷