পুনৰ আৰক্ষীৰ জিম্মাৰ পলায়ন কৰিলে আচামীয়ে ৷ এইবাৰ এই ঘটনা সংঘটিত হৈছে ধুবুৰীত ৷ ধুবুৰীৰ আৰক্ষী চকীৰ পৰা আচামীজনে পলায়ন কৰে ।পলাতক আচামীজন ছিদ্দিক আলী বুলি জানিব পৰা গৈছে ৷ আচামীজনক ড্রাগছসহ গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ছিদ্দিকে সুযোগ বুজি হেণ্ডকাফ খুলি পলায়ন কৰে । ধুবুৰীৰ এ এম কো ৰোড বজাৰ আৰক্ষী চকীত সংঘটিত হয় এই ঘটনা ।
ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰি আনি হেণ্ডকাফ লগাই আৰক্ষী চকীৰ ভিতৰত বহুৱাই ৰাখিছিল ছিদ্দিক আলীক। হেণ্ডকাফ খুলি আৰক্ষী চকীৰ পৰা পলায়ন কৰে আচামীটো। ঘটনাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এ এম কো, ৰোড বজাৰ আৰক্ষী চকীত ।
উল্লেখ্য যে এদিন পূর্বেও কাজিৰঙাত বোকাখাত আৰক্ষী জিম্মাৰ পৰা এটা দুধর্ষ গৰু চোৰে পলায়ন কৰিছিল ৷ পুনৰ ধুবুৰীত ড্ৰাগছ সৰবৰাহকাৰী পলায়নক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷