ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত ছহিদ হোৱা চি আৰ পি এফৰ জোৱান তথা অসম সন্তান লাম্বোধৰ সিংহৰ নশ্বৰদেহ বৃহস্পতিবাৰে পুৱাই মাতৃভূমি লৈ অনা হয় ৷ পুৱাই বিমানযোগে চেন্নাইৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ তেওঁৰ নশ্বৰদেহ লৈ অহা হয় ৷ বিমান বন্দৰতে বীৰ ছহিদ জোৱানজনক সামৰিক মৰ্যাদাৰে শ্ৰদ্ধা জনোৱা হয়।
চি আৰ পি এফৰ উচ্চপদস্থ বিষয়াৰ লগতে বি টি চি প্ৰধান প্ৰমোদ বড়োসহ বহু বিষয়াই জোৱানজনলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে তেওঁৰ নশ্বৰদেহ নিজ গৃহ লৈ লৈ যোৱা হয় ৷ চিৰাঙৰ কাকাৰাগাঁৱৰ বাসিন্দা হৈছে লম্বোধৰ সিংহ
উল্লেখ্য যে ছত্তীশগড়ৰ চুকমা আৰু বিৰজাপুৰ সীমান্তত মাওবাদীৰ আক্ৰমণত ৩জন জোৱান নিহত হোৱাৰ লগতে ১৪জন জোৱান গুৰুতৰভাৱে আহত হৈছিল।