কাটিগড়াত সংঘটিত এক গণপ্ৰহাৰৰ ঘটনাত জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত আটাইকেইজন কাটিগৰা এলেকাৰ বাসিন্দা । তেওঁলোক হৈছে গোবিন্দপুৰ তৃতীয় খণ্ডৰ দিলৱাৰ আহমেদ চৌধুৰী, টিকোৰপাৰাৰ জিয়াবুৰ ৰহমান চৌধুৰী আৰু আবুল হুছেইন বৰভূঞা, মোহনপুৰ দ্বিতীয় খণ্ডৰ ৰুবেল আলম চৌধুৰী আৰু নুননগৰৰ চাহজামুল ইছলাম চৌধুৰী
বাইক চুৰিৰ সন্দেহত সোমবাৰে কাটিগড়াৰ নুন নগৰ মোহনপুৰত এজন যুৱকক প্ৰহাৰ কৰিছিল লোককেইজনে ৷ ।বাইক চুৰিৰ সন্দেহত আফজল হুছেইন লস্কৰ নামৰ এজন যুৱকক মাৰধৰ কৰি ৰাজহুৱা স্থানত তেওঁৰ মূৰৰ চুলি খুৰাই দিছিল এই উদণ্ড যুৱককেইজনে ।
যুৱকজনক পাশৱিক অত্যাচাৰ চলোৱা ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছত আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে অভিযান চলায়।
অৱশেষত এই অভিযানৰ অন্তত পাঁচজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। বৰ্তমান পাঁচজনক গ্ৰেপ্তাৰ কৰিছে যদিও এই ঘটনাত প্ৰায় ২০/২৫ জন যুবক জড়িত আছে । এওঁলোকৰ বিৰুদ্ধেও আৰক্ষীৰ অভিযান অব্যাহত আছে ৷