গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যাধীশ নিযুক্তি দিয়া হৈছে ৷ গুৱাহাটী উচ্চ ন্যায়লয়ৰ নতুন মুখ্য ন্যায়াধীশ হ’ব বিজয় বিষ্ণয় ৷ কেন্দ্ৰই এক অধিসূচনা জাৰি কৰি ন্যায়াধীশ গৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে ৷
গুৱাহাটীৰ উপৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত ন্যায়াধীশ মণিন্দ্ৰ মোহন শ্ৰীবাস্তৱক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।
ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ ভাঞ্চালীক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ বৈদ্যনাথনক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।
পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰিতু বহৰীক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চক্ৰধাৰী শৰণ সিঙক উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।