প্ৰৱঞ্চক মানস চলিহাক অৱশেষত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দিছপুৰ থানাত ৰুজু হৈ থকা প্ৰৱঞ্চনাৰ এটা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । পশ্চিম বংগৰ আলিপুৰদুৱাৰৰ এখন হোটেলৰ পৰা মানস চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখ্য যে মানস চলিহাৰ বিৰুদ্ধে আলফা (স্বাধীন)লৈ গুপ্তচৰগিৰি কৰিবলৈ মানস বৰগোহাঁই নামৰ যুৱকজনক ম্যনমাৰৰ কেম্পলৈ পঠোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতেই মানস চলিহাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে ৷ দিছপুৰ থানাত ৰুজু হৈ থকা গোচৰ অনুসৰি, মানস চলিহাই এজন ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল।
কিছুদিন পূৰ্বে আলফা(স্বাধীন)ৰ কেম্পৰ পৰা মানস বৰগোহাই নামৰ এজন সদস্যই দাবী কৰা মতে আৰক্ষীৰ হৈ গুপ্তচৰ কৰিবলৈ মানস চলিহাই তেওঁক সংগঠনটোৰ কেম্পলৈ প্ৰেৰণ কৰিছিল। আনকি মানস চলিহা অসম আৰক্ষীৰ বিশেষ সাখাৰ বিষয়া বুলিও দাবী কৰা হৈছিল ৷ যাক লৈ আৰক্ষীৰ ভিতৰচ’ৰাত জোকৰণিৰ সৃষ্টি হৈছিল ৷