ৰাজ্যজুৰি বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আৰম্ভ হোৱা গুণোৎসৱ ২০২৪ৰ তৃতীয় পৰ্যায়ৰ বহিঃমূল্যায়ন আজিৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ১১,৯৩৩ খন বিদ্যালয়ত ৪,৯৬৮ গৰাকী বহি: মূল্যায়কৰ দ্বাৰা ১০,৯২,৩৬০ জন শিক্ষাৰ্থীৰ শৈক্ষিক মূল্যায়ন সম্পন্ন কৰা হ’ব।
উল্লেখ্য যে ৰাজ্যত তিনিটা পর্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ ইতিমধ্যে দুটা পর্যায়ত গুণোংসৱে আন জিলা কেইখনৰ শিক্ষানুষ্ঠানসমূহক সামৰি লৈছে ৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ গুণগত মান বৃদ্ধি কৰাৰ লক্ষ্যৰে গুণোৎসৱৰ আয়োজন কৰা হৈছে ৷ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথনিৰ লগতে পাঠ্যক্ৰমলৈকে সকলো ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবে গুণোৎসৱৰ আয়োজন কৰি আহিছে চৰকাৰে ৷