দেশ বিদেশৰ পর্যটকৰ বাবে আকর্ষনৰ কেন্দ্ৰবিন্দু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বিশেষকৈ ইয়াৰ নৈসর্গিক শোভা আৰু বিশ্বখ্যাত এশিঙীয়া গঁড়ৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত ৷ আন বর্ষসমূহৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় উদ্যানখনলৈ সোঁত বৈছে পর্যটকৰ ৷ বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ চাৰি মাহতে অভিলেখ সংখ্যক পর্যটকৰ আগমন ঘটিছে ৷
তথ্য অনুসৰি চাৰিটা মাহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পর্যটকৰ সংখ্যা হৈছে ১.৮০ লাখ ৷ অক্টোবৰ মাহত ১৭৬৬২ জন,নৱেম্বৰত ৪০২৪২ জন,ডিচেম্বৰ ৬৫০০০ আৰু জানুৱাৰীত ৫২০০০ হাজাৰ জন দেশী বিদেশী পৰ্যটকে কাজিৰঙাৰ সৌন্দর্য্য উপভোগ কৰে ৷
যোৱা ডিচেম্বৰ মাহত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰা ৰাজহৰ পৰিমান আছিল ১ কোটি ৪৫ লাখ টকা ৷ জানুৱাৰী মাহত উদ্যান কৰ্তৃপক্ষই লাভ ককৰে ১ কোটি ২১ লাখ টকাৰ ৰাজহ। চাৰিটা মাহত উদ্যান কৰ্তৃপক্ষই মুঠ ৩.৫ কোটি টকাৰ ৰাজহ লাভ কৰে ৷
শেহতীয়াকৈ সোণালী বাঘ তথা ব্যঘ্ৰ পৰ্যটনে সমাদৰ লাভ কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷ চলিত পৰ্যটন বৰ্ষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত সংযোগ হৈছে বিশ্বনাথ আৰু বুঢ়াচাপৰি সংযোজন ৷ চলিত মাহতে বুঢ়াচাপৰিত উদ্যান কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব শিমলু ফেষ্টিভেল ৷