সমাগত লোকসভা নির্বাচন ৷ ইতিমধ্যে নির্বাচনক লৈ ৰাজ্যত সক্ৰিয় হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ সভা সমিতিৰ লগতে বিভিন্ন কার্যসূচীৰে শাসকীয় দল, বিৰোধীয়ে ভোটাৰসকলক আকর্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে ৰাইজৰ মাজলৈ চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ লৈ যাবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে ৷ ইয়াৰে অংশ হিচাপে গাওঁত নৈশযাপন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ১২ ফেব্ৰুৱাৰীৰ নিশা তেওঁ সৰুপথাৰৰ ৰাজাপুখুৰী শ্যামগাঁৱত কটাব ৷ এই সন্দর্ভত তেওঁ লিখিছে –“ ১২ ফেব্ৰুৱাৰীৰ নিশা তেওঁ সৰুপথাৰৰ ৰাজাপুখুৰী শ্যামগাঁৱত ৰাইজৰ সৈতে কিছু সময় কটাবলৈ অপেক্ষা কৰি আছোঁ৷ ভাৰতীয় জনতা পাৰ্টিৰ মা ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ আহ্বান মৰ্মে তৃণমূল পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ প্ৰসাৰৰ মূল্যায়নৰ হেতু ‘গাঁও চলো অভিযান’ৰ অংশস্বৰূপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ এই পদক্ষেপে গাঁওবাসীসকলৰ সৈতে আমাৰ সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰাত নতুন শক্তি প্ৰদান কৰিব ৷ ”
কেবল মুখ্যমন্ত্ৰীয়েই নহয়, ৰাজ্যৰ আন মন্ত্ৰী- বিধায়ক-সাংসদ তথা বিজেপি নেতাসকলো এই কার্যসূচীত অংশগ্ৰহন কৰিব ৷