অসম আৰক্ষীৰ উপ –পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰত মঙলবাৰে ফাইনেল ৰিপর্ট দাখিল কৰিছে চিবিআইয়ে ৷ নগাওঁ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চিবিআইয়ে এই ৰিপর্ট দাখিল কৰা হৈছে ৷ জালনোটৰ বেহা, জোনমনিৰ মৃত্যু আৰু দুর্ঘটনাক লৈ ৰুজু হোৱা তিনিটা গোচৰত চিবিআইয়ে ফাইনেল ৰিপর্ট কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি জোনমণি ৰাভাৰ মৃত্যু দুর্ঘটনা বুলিয়েই এই ৰিপর্টত উল্লেখ কৰিছে ৷ তেওঁৰ মৃত্যুৰ বাবে কাকো অভিযুক্ত কৰা হোৱা নাই ৷
উল্লেখ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত জখলাবন্ধাৰ সৰুভগীয়াত ৰহস্যজনক অৱস্থাত নিজৰ বাহনত মৃতদেহ উদ্ধাৰ হৈছিল ৷ ৰহস্যজনক পথ দুৰ্ঘটনাৰ তদন্ত প্ৰথমে চিআইডিয়ে কৰিছিল যদিও পৰৱর্তী সময়ত এই দায়িত্ব চিবিআইক অর্পণ কৰা হৈছিল ৷ প্ৰায় ৭ মাহজোৰা তদন্তৰ অন্তত চিবিআইয়ে দাখিল কৰিলে প্ৰতিবেদন।
জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বহুতে এয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰিছিল ৷ কেইবাজনো উচ্চস্তৰীয় আৰক্ষী বিষয়াৰ লগতে নকল সোণ আৰু জালনোট চক্ৰই জোনমণিক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল ৷