মহানগৰীৰ গণেশগুৰিত এজন যুৱকক দলৱদ্ধ প্ৰহাৰ কৰি হত্যা কৰা ঘটনাৰ মূল অভিযুক্তসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইক্ৰাম হুছেইন নামৰ যুৱকজনক হত্যা কৰা ঘটনাত অভিযুক্ত জালত পৰিছে দিছপুৰ আৰক্ষীৰ । ঘটনাৰ মূল অভিযুক্ত সঞ্জীৱ বৰ্মন আৰু জিতু বৈশ্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ধৃত দুয়োজন বন্ধু বুলি জানিব পৰা গৈছে ৷ নলবাৰীৰ বেলশৰৰ পৰা দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
ইপিনে এই ঘটনাত জড়িত বিপুল দাস নামৰ এজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অৱশ্যে এতিয়াও কেইবাজনো অভিযুক্তই আত্মগোপন কৰি আছে ৷ তেওঁলোকৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে সোমবাৰে নিশা মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো। সামান্য কথাতে বহুকেইজন লোকে প্ৰহাৰ কৰিছিল ইক্ৰাম হুছেইন নামৰ যুৱকজনক ৷
দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ইক্ৰাম হুছেইনক দিছপুৰ পলি ক্লিনিকত ভর্ত্তি কৰোৱা হৈছিল যদিও তেওঁৰ চিকিৎসাধীন অৱস্থাতে মঙলবাৰে মৃত্যু হয় ৷ হেঙেৰাবাৰীৰ বাসিন্দা ইক্ৰাম হুছেইনৰ মৃত্যুৰ পিছতে পৰিয়ালে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ৷ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে ইক্ৰামক আক্ৰমণ কৰাৰ চিচিটিভি ফুটেজ ৷ ঘটনা সন্দৰ্ভত দুজন অটোচালক সোধাপোছা কৰিছে আৰক্ষীয়ে ৷