দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও আৰু চৰণ সিঙৰ লগতে বিশিষ্ট কৃষি বিজ্ঞানী এম এছ স্বামীনাথনলৈ ঘোষণা কৰা হৈছে দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন ৷ আজি এক্স হেণ্ডেলযোগে এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
প্ৰধানমন্ত্ৰীয়ে লিখিছে, “আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱক ভাৰতৰত্নৰে সন্মানিত কৰা হ’ব বুলি প্ৰকাশ কৰি আনন্দিত হৈছো। তেখেতে বহু বছৰ ধৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সংসদ আৰু বিধানসভাৰ সদস্য হিচাপে কৰা কামৰ বাবে সমানে স্মৰণ কৰা হয় ৷”
তেওঁ পুনৰ লিখে -“আমাৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক ভাৰতৰত্নেৰে সন্মানিত কৰা হৈছে। এই সন্মান দেশৰ প্ৰতি তেওঁৰ অতুলনীয় অৱদানৰ বাবে উৎসৰ্গিত। তেওঁ নিজৰ সমগ্ৰ জীৱন কৃষকসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হওক বা দেশৰ গৃহমন্ত্ৰী হওক আৰু আনকি এজন বিধায়ক হিচাপেও তেওঁ সদায় জাতি নিৰ্মাণক গতি প্ৰদান কৰিছিল।আৰু জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও তেওঁ দৃঢ়তাৰে থিয় দিছিল।আমাৰ কৃষক ভাই-ভনীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু তেওঁৰ জৰুৰীকালীন সময়ত গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধতাই সমগ্ৰ জাতিটোৰ বাবে প্ৰেৰণাদায়ক।’
আনহাতে স্বামীনাথনক ভাৰত ৰত্ন প্ৰদানৰ কথা সদৰী কৰি তেওঁ কয় -“কৃষি আৰু কৃষকৰ কল্যাণৰ ক্ষেত্ৰত আমাৰ জাতিৰ প্ৰতি কীৰ্তিচিহ্নস্বৰূপ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ড° এম এছ স্বামীনাথনক ভাৰতৰত্ন প্ৰদান কৰাটো অপৰিসীম আনন্দৰ বিষয়। প্ৰত্যাহ্বানমূলক সময়ত কৃষিক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাত আৰু ভাৰতীয় কৃষি আধুনিকীকৰণৰ দিশত অসাধাৰণ প্ৰচেষ্টা চলাইছিল।“