উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল অসম গ্ৰামীণ বিকাশ বেংকৰ প্ৰৱন্ধক ৷ এটা আত্মসহায়ক গোটক ঋণ আৱণ্টনৰ নামত ৯,৫০০ টকা দাবী কৰি গ্ৰেপ্তাৰ হোৱা বেংক বিষয়াজন হৈছে আফতাব হুছেইন ৷ ধৃত বিষয়াজন বেংকটোৰ ধিং শাখাৰ প্ৰৱন্ধক ৷
জানিব পৰা মতে, অসম গ্ৰামীণ বিকাশ বেংকৰ ধিং শাখাৰ প্ৰৱন্ধক আফতাব হুছেইনে ৯ হাজাৰ ৫০০ টকা উৎকোচ হিচাপে লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰা হ’ব ৷
উপ আৰক্ষী অধীক্ষক ৰতন দাস আৰু পৰিদৰ্শক তপন তালুকদাৰৰ নেতৃত্বত যোৱা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে বেংকবিষয়াজনক গ্ৰেপ্তাৰ কৰাৰ সময়তে পলায়নৰ চেষ্টা কৰে ৷ ইয়াৰ পিছতে দুৰ্নীতি নিবাৰকৰ দলটোৱে খেদি খেদি আফতাবক গ্ৰেপ্তাৰ কৰে।
আফতাবৰ আক্ৰমণত সামান্য পৰিমাণে আহত হৈছে ৰতন দাস নামৰ আৰক্ষী বিষয়াজন । ইয়াৰ পিছতে আফতাবক লগত লৈ ধিঙৰ ভাড়াঘৰত অভিযান চলাই দুৰ্নীতি নিবাৰকৰ দলটোৱে। তেওঁৰ বিৰুদ্ধে বহু লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উঠিছিল। আফতাবৰ বিৰুদ্ধে ১৬/২০২৪ নম্বৰৰ গোচৰ ৰুজু কৰিছে ৷