গো-সৰবৰাহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰনয়ন কৰিছে ৷ কিন্তু তৎসত্বেও একাংশ অসাধু লোকে গোনে গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে ৷ পুনৰ শোণিতপুৰ জিলাত জব্দ কৰা হৈছে গৰু ৷
শোনিতপুৰ জিলাৰ ৰঙাপৰাত বৃহস্পতিবাৰে নিশা চোৰাং গৰু কঢ়িয়াই অনা এখন বলেৰ’ গাড়ী জব্দ কৰে স্থানীয় ৰাইজে। লক্ষীমপুৰ জিলাৰ বঙালমৰাৰ পৰা ৰৌতাৰ দিশে নি থকা অৱস্থাত ৰঙাপৰাৰ বৰজুলিত স্থানীয় ৰাইজে চোৰাং গৰুসহ বলেৰ’ পিক আপ গাড়ীখন জব্দ কৰে ৷
এ,এছ-২৫ -চি চি- ৬৩২২ নম্বৰৰ বলেৰ’ গাড়ীখনৰ পৰা ১৯ টা গৰু উদ্ধাৰ কৰাহৈছে ৷ তদুপৰি তিনিজন লোকক আটক কৰা হৈছে ৷ বলেৰ’ গাড়ীখনত গৰুকেইটা পাণ জপাদি জাপি অনাৰ বাবে কেইবাটায়ো গৰু অসুস্থ হৈ পৰে ৷ ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ তিনিজন লোক আটক কৰাৰ লগতে বানখন জব্দ কৰে ৷