তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ এজন লোকে প্ৰাণ হেৰুৱাই ৷ শুকুৰবাৰে শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত এই অঘটন সংঘটিত হৈছে ৷ নিহত যুৱক জন লক্ষ্মীৰাম চৰেন (৩২) বুলি জানিব পৰা গৈছে । তেওঁ বাক্সা জিলাৰ উত্তৰকুছি ( জ্বালাবস্তী ) ৰ বাসিন্দা ৷সেনাই বোমা বাৰুদৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সময়তে ৮১ মৰ্টাৰৰ বিস্মাফোৰণৰ ফলত মৃত্যু হয় যুৱক জনৰ ৷
ভাৰতীয় সেনাৰ নিয়মীয়া বোমা -বাৰুদৰ প্ৰশিক্ষণৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ এই ঘটনাত আহত হৈছে আন এজন যুৱক। আঘাতপ্ৰাপ্ত যুৱক জন হৈছে হৰতোলা গাঁওৰ জিৰা হাজদা। প্ৰাপ্ত তথ্য অনুসৰি দুয়োজন যুৱক বোমা -বাৰুদৰ অৱশিষ্ট বুটলিবলৈ সেই স্থানলৈ গৈছিল ৷ সেই সময়ত এটা মর্টাৰ বিস্ফোৰণ হোৱাত যুৱকজনৰ মৃত্যু হয় ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বেও শুকানজুলী ফায়াৰিং ৰেঞ্জত ভাৰতীয় সেনা বাহিনীৰ লঘু আৰু গধুৰ অস্ত্ৰশস্ত্ৰৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে ৰেঞ্জৰ ভিতৰত বোমা বাৰুদৰ অৱশিষ্ট বুটলিব গৈ আন এজন লোকেও মৃত্যুক সাৱটি লৈছিল ৷