চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় উত্তৰাখণ্ডৰ হালদ্বাণীত ৷ বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাত কমেও চাৰিজন লোকৰ মৃত্যু হয়। ২৫০ জনতকৈ অধিক লোক আহত হৈছে ।
উল্লেখ্য যে আদালতৰ নিৰ্দেশত হালদ্বাণীৰ বনভুলপুৰা অঞ্চলৰ চৰকাৰী ভূমিত অবৈধ নিৰ্মাণৰ কাম ভাঙিবলৈ যাওঁতে দুৰ্বৃত্তই পৰিকল্পিতভাৱে আক্ৰমণ চলায়। আনকি একাংশ লোকে নিকটৱর্তী আৰক্ষী থানাত আক্ৰমণ কৰাৰ লগতে অগ্নিসংযোগ কৰে । দুষ্কৃতিকাৰীয়ে কেইবাখনো বাহনতো অগ্নিসংযোগ কৰে। স্থানীয় সূত্ৰই দাবী কৰিছে যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও গুলীচালনা কৰিছিল।
শুকুৰবাৰে হালদ্বাণী জিলা আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষক প্ৰহ্লাদ মীনাই কয় যে, “আদালতৰ নিৰ্দেশ অনুসৰি উচ্ছেদ অভিযান চলোৱা হৈছে ৷” উত্তৰাখণ্ড আৰক্ষীৰ এডিজি (আইন শৃংখলা) এ পি অংশুমানে শুকুৰবাৰে কয়, ‘আক্ৰমণত প্ৰায় ১০০ আৰক্ষী জোৱান আহত হৈছে!’
বৃহস্পতিবাৰৰ পৰা হালদ্বাণীৰ বিভিন্ন অঞ্চলত কাৰ্ফিউ জাৰি কৰা হৈছে। শুকুৰবাৰেও বলবৎ হৈ আছে কার্ফিউ। বুলড’জাৰেৰে অঞ্চলটোত উচ্চেদ চলোৱা হৈছিল ৷ উত্তপ্ত পৰিস্থিতিৰ পাছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শুকুৰবাৰে ৰাজ্যখনৰ শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত পৰিস্থিতিৰ পৰ্যালোচনা কৰে।