এজন বন বিষয়াৰ পুত্ৰৰ চাইৰেনযুক্ত বাহনৰ খুন্দাত এজন পথচাৰীৰ মৃত্যু হোৱা ঘটনাৰ পাছতে চাইৰেনযুক্ত বাহনৰ বিৰুদ্ধে অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে ৷ শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীয়ে অবৈধ চাইৰেনযুক্ত বাহনৰ বিৰুদ্ধে অভিযান চলাই কেইবাখনো বিলাসী বাহন জব্দ কৰে। আৰক্ষীৰ অভিযানত ভিন্ন প্ৰান্তৰ পৰা ১০ খন অবৈধ ভিআইপি বাহন জব্দ কৰে ৷ আৰক্ষীয়ে ৫ খন ইনভা, ৩ খন স্ক’ৰপিঅ, ১ খন থাৰ আৰু ১ খন এলকেজাৰ বাহন জব্দ কৰে । এই আটাইকেইখন বাহনত অবৈধ চাইৰেন লাইট লগোৱা হৈছিল ৷
উল্লেখযোগ্য যে, বিগত ২৬ জানুৱাৰীত গুৱাহাটীত সংঘটিত হৈছিল এটা হিট এণ্ড ৰাণৰ ঘটনা ৷ এজন বন বিষয়াৰ পুত্ৰই চাইৰেনযুক্ত বাহনেৰে এজন নিৰীহ ব্যক্তিক খুন্দিয়াই হত্যা কৰে ৷ এই বাহনৰ তথ্য পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে অবৈধ ভিআইপি বাহনৰ বিৰুদ্ধে অভিযান চলায়। জানিব পৰা মতে বন বিষয়া প্ৰাঞ্জল কটকীৰ পুত্ৰ আৰিণ কটকীৰ স্ক’ৰপিঅ’ বাহনৰ খুন্দাত নালাপাৰত ৫৪ বছৰীয়া এজন লোকৰ প্ৰাণ গৈছিল ৷ তদন্তৰ অন্তত ঘটনাৰ ১৩ দিন পাছত আৰক্ষীয়ে আৰিণক গ্ৰেপ্তাৰ কৰাৰ লগতে স্ক’ৰপিঅ’ বাহন জব্দ কৰে ৷
মন কৰিবলগীয়া যে, একাংশ চৰকাৰী বিষয়াৰ সন্তান, পৰিয়ালৰ লোকে “Govt. of Assam” লিখা নাইবা চাইৰেনযুক্ত বাহন ব্যৱহাৰ কৰি ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰে ৷