বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে চলিত বৰ্ষৰ বাঘ গণনা প্ৰক্ৰিয়া ৷ অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচনৰ আধাৰত বিজ্ঞানসন্মত ভাৱে কাজিৰঙাত টাইগাৰ মনিটৰিং কেমেৰা স্থাপন কৰা হৈছে ৷ উদ্যানখনৰ ভিতৰত ৫১০ টা কেমেৰা সংস্থাপন কৰা হৈছে ৷ এই কেমেৰাসমূহৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতিটো বাঘ সুক্ষ্মভাৱে নীৰিক্ষণ কৰা হ’ব আৰু ইয়াৰ ভিত্তিতে বাঘ গণনা কৰা হ’ব ৷
ডেৰমাহৰ পাছত এই কেমেৰাসমুহৰ দ্বাৰা তোলা ছবিসমূহ সমূহ সংগ্ৰহ কৰি বাঘ গণনা কৰা হ’ব ৷ ইয়াৰ পাছতে বৰ্তমান কাজিৰঙাত থকা বাঘৰ সংখ্যা ঘোষণা কৰিব উদ্যান কৰ্তৃপক্ষই ৷ বিগত বৰ্ষত ১০৪ টা বাঘৰ উপস্থিতি পোৱা গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷
অৱশ্যে আগন্তুক ফলাফলত বাঘৰ উপস্থিতিৰ সংখ্যা বৃদ্ধি পাব বুলি আশাবাদী উদ্যানখনৰ সঞ্চালিকা ড° সোণালী ঘোষে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি কিয়নো এইবৰ্ষত নতুনকৈ সংযোজিত হোৱা বিশ্বনাথ আৰু বুঢ়াচাপৰিতো কৰা হ’ব বাঘৰ গণনা ৷ ইয়াৰ লগতে ২০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ সমগ্ৰ অসমতে হাতী গণনা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰিছে সঞ্চালিকা ড° ঘোষে ৷