আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৷ এইবাৰ কলা-বাণিজ্য-বিজ্ঞান আৰু বৃত্তিগত শাখাত মুঠ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰী ৷ অহা ১৩ মাৰ্চলৈ এই পৰীক্ষা অনুষ্ঠিত হ’ব অনুষ্ঠিত হ’ব। প্ৰথম ভাগত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় ভাগত দুপৰীয়া ১ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব।
চলিত বর্ষত কলা শাখাত ২,৬,৪৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ আনহাতে বিজ্ঞান শাখাত ৫৫,২৮৭ গৰাকী , বাণিজ্য শাখাত ১৭,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰোপৰি, বৃত্তিগত শাখাত ৮৮০গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীণ হৈছে ৷
ৰাজ্যৰ মুঠ ৮৭৭টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। মন কৰিবলগীয়া যে, এইবাৰ প্ৰথমবাৰৰ কাৰণে অনলাইনৰ জৰিয়তে পৰীক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ কৰা হৈছে । পৰীক্ষাৰ দিনসমূহত কেন্দ্ৰসমূহৰ দায়িত্বত থকা বিষয়াই পৰীক্ষা শেষ হোৱাৰ লগে লগে পৰীক্ষার্থীৰ সংখ্যা নির্দিষ্ট পর্টেলত আপডেট কৰিব লাগিব ৷ তদুপৰি অনিয়ম ৰোধ কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷