মহানগৰীৰ ‘চাইৰেণ গেঙ’ৰ মূল অভিযুক্ত অৰিণ কটকী নামৰ যুৱকজনৰ কুকীৰ্তিৰ ন-ন কাহিনী পোহৰলৈ আহিছে । পিতৃৰ বাহনত চাইৰেন লগায় গুৱাহাটীৰ ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰাই নহয়, পিতৃৰ ধন সম্পত্তিৰ বলত গুৰু গোঁসাই নমনা হৈ পৰিছিল অৰিণ কটকী নামৰ যুৱকজন ৷ সঘনাই মাৰপিটত লিপ্ত হৈছিল এইজন যুৱক ৷ আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে অৰিণৰ বিৰুদ্ধে পোহৰলৈ আহিছে কেতবোৰ তথ্য ৷
কিছুদিন পূর্বে অৰিণ কটকীয়ে ৰাজপথতে প্ৰহাৰ কৰিছিল এজন যুৱকক।অশ্ৰাৱ্য গালি-গালজ কৰাৰ লগতে অৰিণ কটকীয়ে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল নিজৰে সতীৰ্থক। এটা ভাইৰেল ভিডিঅ’ অনুসৰি মহানগৰীৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ঋষভ নামৰ এজন ছাত্ৰক অৰিণে প্ৰহাৰ কৰিছিল ৷
উল্লেখ্য যে ২৬ জানুৱাৰীত অৰিণৰ বাহনৰ খুন্দাত মহানগৰীৰ নালাপাৰাত প্ৰাণ হেৰুৱাইছিল এজন নিৰীহ পথচাৰীয়ে। ইয়াৰ পাছতে বাহনসহ পলায়ন কৰিছিল অৰিণে ৷ কিন্তু ১৩ দিন পাছত আৰক্ষীয়ে তদন্ত কৰি অৰিণক গ্ৰপ্তাৰ কৰিছিল ৷ তেতিয়াই পোহৰলৈ আহিছে একাংশ ধনীৰ দুলালে গুৱাহাটীৰ ৰাজপথত অবৈধভাৱে চাইৰেন বজাই চলাই আহিছিল সন্ত্ৰাস ৷