প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন চৰকাৰী বিভাগত নতুনকৈ নিযুক্তি পোৱা সকলক ১ লাখৰো অধিক লোকক নিযুক্তি পত্ৰ ভাৰ্চুৱেলি বিতৰণ কৰে। ইয়াৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হয় নিযুক্তি পত্ৰ বিতৰণ কার্যসূচী ৷
গুৱাহাটীৰ বিএছএফ ফ্ৰন্টিয়াৰ হেডকোৱার্টাৰত আয়োজিত নিযুক্তি প্ৰদান বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল ৷তেওঁ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷
সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক উচ্চ প্ৰশংসা কৰি কয় –“ বিকশিত ভাৰত গঢ়াৰ দিশত এয়া এক সবল খোজ ৷ আমি যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছো। আজি নিযুক্তি পত্ৰ পোৱা সকলোকে সততা আৰু নিষ্ঠাৰে জাতি গঢ়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।“
ইফালে, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিলচৰতো আৰম্ভ হৈছে এই ৰোজগাৰ মেলা। শিলচৰ মাছিপুৰস্থিত বি এছ এফ কেম্পত আয়োজিত এই ৰোজগাৰ মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ এই ৰোজগাৰ মেলাত ডাক বিভাগত ৫৪, এন আই টি ত ৭, চি আৰ পি এফত ২ আৰু বিএছএফত ১ গৰাকীসহ মুঠ ৬৪ গৰাকী চাকৰি প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।