বিগত প্ৰায় ডেৰটা বছৰজুৰি ক’ৰনা মহামাৰীৰ প্ৰকোপত সমগ্ৰ বিশ্বৰ লগতে অসমবাসীও উৎসৱৰ আনন্দৰ পৰা বঞ্চিত হৈ ৰৈছে। বিহু-পূজাৰ আনন্দৰ পৰা বঞ্চিত হৈ অসমবাসীৰ মনবোৰো সেমেকি উঠিছে।
এনে প্ৰেক্ষাপটত ক’ৰনা মহামাৰীৰ কমি অহা প্ৰকোপলৈ লক্ষ্য ৰাখি এই বছৰ দুৰ্গা পূজা উদযাপনৰ কথা চিন্তা কৰিছে অসম চৰকাৰে। এই কথা আনুষ্ঠানিক ভাৱে সাংবাদিকৰ আগত ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যখনৰ এক কোটি বিৰানব্বৈ লাখ লোকক ইতিমধ্যে ভেকচিন প্ৰদান কৰা হৈছে। প্ৰায় ডেৰ কোটি লোকক ভেকচিনৰ প্ৰথম পালি দিয়া হৈছে। কিন্তু নব্বৈ লাখ লোকে এতিয়াও প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ বাকী আছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনোৱা অনুসৰি চহৰ-নগৰকে ধৰি মূল কেন্দ্ৰসমূহত ইতিমধ্যে ভেকচিন প্ৰদান কৰা হৈছে। কিন্তু দুৰ্গম বা যাতায়তৰ কিছু অসুবিধা থকা অঞ্চলসমূহত এতিয়াও ভেকচিন প্ৰদান কৰা হোৱা নাই।
দূৰৈৰ অঞ্চলসমূহত ভেকচিন প্ৰদানৰ বাবে ১৫ খনকৈ ভেকচিন ভেন ইতিমধ্যে সাজু কৰি তোলা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। এই ক্ষেত্ৰত তেখেতে ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে।
শাৰদীয় দুৰ্গা পূজা উদযাপনৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰি তেখেতে উল্লেখ কৰে যে এই মূহূৰ্ততো চৰকাৰৰ হাতত ২২ লাখ ভেকচিন মজুত আছে। সেয়ে তেনে পৰিস্থিতিত অসমৰ ৰাইজক অন্তত প্ৰথম পালি ভেকচিন ল’বলৈ তেখেতে অনুৰোধ জনায়।
ইতিমধ্যে অসমৰ বহুকেইখন জিলালৈ এই ভেকচিনসমূহ পথিওৱাৰ ব্যৱস্থা কৰা হৈছে। সকলো ঠিকে থাকিলে ক’ভিড বিধি অনুসৰণ কৰি অসমৰ ৰাইজে উদযাপন কৰিব পাৰিব এইবাৰৰ দুৰ্গা পূজা।