ৰাজ্যৰ শাক পাচলিত বৰবিহ ৷ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা কীটনাশক ঔষধ ব্যৱহাৰ কৰা হৈছে শাক-পাচলিত ৷ ৰাজ্যৰ কেতবোৰ কীটনাশক দৰৱ বিক্ৰেতাই বিক্ৰী কৰি আহিছে নিষিদ্ধ মন’ক্ৰ’ট’ফ’ছ নামৰ ঔষধবিধ ৷ এই কথা সদৰী কৰিছে ৰাজ্যৰ কৃষি বিভাগে ৷
বিভাগটোৰ ফেচবুক পেজত উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে অধিসূচনাৰ জৰিয়তে শাক-পাচলিত ব্যৱহাৰৰ ক্ষেত্ৰত নিষিদ্ধ কৰা আৰু চাহ খেতিত ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদিত নোহোৱা মন’ক্ৰ’ট’ফ’ছ (Monocrotophos) নামৰ কীটনাশকবিধ ৰাজ্যখনৰ কেতবোৰ অঞ্চলত কীটনাশক দৰৱ বিক্ৰেতাই শাক-পাচলি বা চাহ খেতিত ব্যৱহাৰৰ বাবে বিক্ৰী কৰি কৰি আহিছে ৷ এই বিষয়টো কৃষি বিভাগৰ ইতিমধ্যে দৃষ্টিগোচৰ হৈছে।
সেয়েহে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা কৃষি বিষয়াসকললৈ এই সন্দৰ্ভত কৃষকৰ মাজত সজাগতা সৃষ্টিৰ লগতে শাক-পাচলি আৰু চাহ খেতিত এই কীটনাশক দৰৱবিধৰ বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত চোকা নজৰ ৰাখিবলৈ কৃষি বিভাগৰ তৰফৰ পৰা নির্দেশ প্ৰদান কৰা হৈছে ৷
জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ এই কীটনাশকবিধ শাক-পাচলি আৰু চাহ খেতিত যাতে প্ৰয়োগ কৰা নহয়, সেই দিশত কৃষি বিভাগে কৃষক ৰাইজৰ সহযোগিতা কামনা কৰিছে। এই কীটনাশকবিধ শাক-পাচলি আৰু চাহ খেতিত প্ৰয়োগ কৰি থকাৰ সন্দৰ্ভত কিবা তথ্য থাকিলে শীঘ্ৰেই সচেতন লোকক সমীপৱৰ্তী কৃষি বিষয়াৰ কাৰ্যালয়ত অৱগত কৰিবলৈ আহ্বান জনাইছে ৷