ভৰ লুইতৰ বুকুত বিভিন্ন সময়ত ফেৰী দুৰ্ঘটনা হৈ আহিছে যদিও বুধবাৰৰ এই দূৰ্ঘটনা আছিল অতিকৈ ভয়াবহ আৰু মৰ্মান্তিক।এই মৰ্মান্তিক দুৰ্ঘটনাটোত গুৱাহাটীৰ এগৰাকী মেধাবী ছাত্ৰী তথা মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসে কৰুণ মৃত্যুক সাৱটি ল’য়।
চৰকাৰী সূত্ৰে প্ৰকাশ যে, দুৰ্ঘটনাগ্ৰস্ত হোৱা ফেৰীখনত প্ৰায় ৮৭ জন লোক আছিল আৰু ইয়াৰে ৩ জন লোক সন্ধানহীন হৈ আছিল।এই সন্ধানহীন তিনি জন লোকৰ ভিতৰত পৰিমিতা দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে বাকী দুজনৰ সন্ধান এতিয়াও পোৱা হোৱা নাই।
জানিব পৰা মতে, ৰঙচাহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতাই ভগ্নীৰ এ পি এচ চি পৰীক্ষাৰ বাবে মাতৃৰ সৈতে আঠখেলীয়া নামঘৰলৈ শৰাই দিবলৈ গৈছিল। পুনৰ কৰ্তব্যত যোগদান কৰিবলৈ এই অভিশপ্ত ফেৰী খনত উঠি মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিছিল।মাতৃয়ে পৰিমিতাক বিদায় দিয়াৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সংঘটিত হৈছিল এই ভয়াবহ দুৰ্ঘটনাটো।
লুইতৰ পাৰৰ পৰা নিজ চকুৰে এই দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা মাতৃ সীমা ৰাণী দাসে প্ৰকাশ কৰা অনুসৰি, এখন নাও পাৰঘাটলৈ অহাৰ সময়তে পৰিমিতা উঠা নাওখন এৰি দিয়াৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী পৰিমিতাই অতি কষ্টৰে শিক্ষা গ্ৰহণ কৰি মেধাৰ ভিত্তিত এই অধ্যাপকৰ চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছিল।মাত্ৰ কেইটামান মাহ পূৰ্বেই চাকৰিত যোগদান কৰিছিল পৰিমিতাই।গুৱাহাটী কাহিলীপাৰা অঞ্চলত পৰিয়ালৰ সৈতে ভাড়াতীয়া হিচাপে থকা মেধাবী ছাত্ৰী পৰিমিতাৰ মৃত্যুত পৰিয়ালটোৰ লগতে মাজুলীবাসীও শোকত ম্ৰিয়মাণ হৈ পৰিছে।
ইতিমধ্যে এই সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই।ইফালে আজিও বহ্মপুত্ৰৰ বুকুত অব্যাহত আছে এছ ডি আৰ এফ আৰু এন ডি আৰৰ উদ্ধাৰ অভিযান।