ৰাজস্থানৰ এগৰাকী বাসিন্দাই চেলফি তুলিবলৈ সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰি হেৰুৱাব লগীয়া হ’ল প্ৰাণ ৷ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত সংঘটিত হৈছে এই ঘটনা ৷ । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজস্থানৰ বাসিন্দা প্ৰহ্লাদে তিৰুপতী ভ্ৰমণ কৰিবলৈ গৈছিল। বৃহস্পতিবাৰে তেওঁ তিৰুপতিৰ ‘শ্ৰী ভেংকটেশ্বৰ প্ৰাণীবিজ্ঞান উদ্যান’ পৰিদৰ্শন কৰে। তাতে চিৰিয়াখানাৰ কৰ্মচাৰীয়ে বাৰে বাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো চেলফী ল’বলৈ সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰে ৷
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, প্ৰহ্লাদক পিঞ্জৰাত প্ৰৱেশ কৰাৰ লগে লগে সিংহই আক্ৰমণ কৰে। সিংহৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰহ্লাদে গছত উঠি যায় ৷ কিন্তু সিংহটোৱেও সেই গছজোপাত উঠি গৈ তেওঁৰ ডিঙিত কামোৰ মাৰি ধৰে । সিংহৰ আক্ৰমণত প্ৰহ্লাদৰ থিতাতে মৃত্যু হয়।
চিৰিয়াখানাৰ কৰ্মচাৰীয়ে ক্ষীপ্ৰতাৰে বাকী দৰ্শনাৰ্থীসকলক অঞ্চলটোৰ পৰা উলিয়াই আনিলে। সিংহৰ পিঞ্জৰাৰ পৰা প্ৰহ্লাদৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে কেইবা ঘণ্টা ধৰি চিৰিয়াখানাখন বন্ধ হৈ পৰে। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি প্ৰহ্লাদ পিঞ্জৰাত প্ৰৱেশ কৰাৰ সময়ত মদ্যপান কৰি আছিল। সহকাৰী বন সংৰক্ষকে কয় যে ৰাজস্থানৰ লোকজনে নিৰাপত্তা উলংঘা কৰি চিৰিয়াখানাৰ কৰ্মচাৰীৰ সতৰ্কবাণীক আওকাণ কৰি সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰিছিল ৷